NORTHEAST NOW (Assamese)

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

June 1, 2025 7:39 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 1, 2025 5:45 pm

কলিয়াবৰৰ আমগুৰি আৰক্ষীয়ে আজি পুৱাৰ ভাগত পাঁচজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল এটাক গ্ৰেপ্তাৰ কৰে। বিশ্বনাথ জিলাৰ জিনজিয়া থানা এলেকাত ডকাইতি কৰি উভতি অহাৰ সময়তে আটক কৰে দলটোক।

আৰক্ষীয়ে চক্ৰটোৰ পৰা এটা ৯ এম এম পিষ্টল, চাৰিটা সজীৱ গুলী, এটা মেগজিন, নগদ ৩৩ হাজাৰ টকা, চাৰিটা মোবাইল ফোন, আৰু এখন খুকুৰিকে ধৰি মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰে।

ডকাইতি কাণ্ডত ব্যৱহৃত এখন চাৰি চকীয়া বাহনো (পঞ্জীয়ন নম্বৰ এ এছ ০২ ডি চি ৩৭৯৯) জব্দ কৰা হয়।

আটকাধীন ডকাইতকেইটা হৈছে জহিৰুল ইছলাম, ছামিম আলী, ফাৰুক, সাদেক আলী আৰু আমিৰ হক।

উল্লেখ্য যে সাদেক আলীৰ বিৰুদ্ধে ইতিমধ্যে কলিয়াবৰ থানাত গোচৰ ৰুজু হৈছে। বৰ্তমান আৰক্ষীয়ে আটাইককেইজনক জেৰা কৰি আছে।

Related News