কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত থকা দুখনকৈ ধাবা উচ্ছেদ কৰিলে প্ৰশাসনে

Eviction Dhaba in Kaziranga

ফটো: নৰ্থইষ্ট নাও।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ ৰাঙলুস্থিত দুখনকৈ ধাবাত প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায়।

কলিয়াবৰ ৰাঙলুৰ Go green আৰু কৃষ্ণাগী নামৰ ধাবা দুখনত উচ্চতম ন্যায়লয়ৰ নিৰ্দেশনা অনুসৰি কলিয়াবৰ মহকুমা প্ৰশাসনে উচ্ছেদ অভিযান চলায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এনিমেল ক’ৰিডৰৰ অন্তৰ্গত অঞ্চলত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে আজি কলিয়াবৰ মহকুমা প্ৰশাসনে পুনৰ এইদৰে উচ্ছেদ অভিযান চলায়। 

লগতে পঢ়ক: আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্য ধনী অসম আৰু জাগৰণ অসমৰ আত্মসমৰ্পণ

ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯ টা এনিমেল ক’ৰিডৰৰ ৭ টা এনিমেল ক’ৰিডৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত। ২০২১ বৰ্ষৰ অক্টোবৰ মাহতে ৭ টাকৈ এনিমেল ক’ৰিডৰত কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্দ্ধিত এনিমেল ক’ৰিডৰৰ বিৰুদ্ধে কিছুদিন পূৰ্বে কাজিৰঙা আৰু কলিয়াবৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ সহস্ৰাধিক ৰাইজে প্ৰতিবাদ কৰি কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।