NORTHEAST NOW (Assamese)

সমবায় সমিতি গঠনেৰে স্বাৱলম্বনৰ সপোন দেখিছে কলিয়াবৰৰ মহিলাই

January 28, 2022 8:28 am · ৰিদিপ শৰ্মা,কলিয়াবৰ

সমবায় সমিতি গঠন কৰি আৰ্থিক স্বাৱলম্বন আৰু মহিলা সৱলীকৰণৰ লক্ষ্যৰে ওলাই আহিছে কলিয়াবৰৰ অতিকৈ পিছপৰা সৰিয়হবাৰী অঞ্চলৰ ২১ গৰাকীকৈ মহিলা।

অঞ্চলটোৰ ২১ গৰাকীকৈ মহিলা একত্ৰিত হৈ গঠন কৰা সৰিয়হবাৰী মহিলা প্ৰাথমিক দুগ্ধ উৎপাদক সমবায় সমিতিয়ে সৰিয়হবাৰীত অঞ্চলত মুকলি কৰিলে দুগ্ধজাত সামগ্ৰীৰ এখনি বিপনী।

গঠন হোৱাৰ মাত্ৰ এমাহৰ ভিতৰতে সমবায় বিভাগৰ পঞ্জীয়নভুক্ত হোৱাৰ লগতে বিপনী মুকলিৰে স্বাৱলম্বনৰ সপোন দেখিছে এইসকল মহিলাই।

সমবায় সমিতিখনৰ সভানেত্ৰী-সম্পাদিকা দীপা দাস আৰু জ্যোৎস্না দেৱীৰ নেতৃত্বত গো পালন তথা দুগ্ধ উৎপাদনৰ লগতে দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীৰে অৰ্থনৈতিক দিশত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে অতি পিছপৰা অঞ্চলটোত সমবায় সমিতি গঠন আৰু বিপনি মুকলিৰে মহিলাসকলে হাতত লোৱা কৰ্মপন্থাক আদৰণি জনাইছে বিভিন্নজনে।

উল্লেখ্য যে, পিছপৰা অঞ্চলটোৰ মহিলা সকলক স্বাৱলম্বনৰ বাটেৰে আগবাঢ়ি যোৱাত বিশেষভাৱে উৎসাহ-অনুপ্ৰেৰণা যোগাইছে নগাঁৱৰ দুগ্ধ উদ্যোগী তথা সাংস্কৃতিক কৰ্মী বিৰিঞ্চি কাশ্যপে।

Related News