তিনিচুকীয়া জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সংবাদ মেল : ২১ৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ

index.jpgkk

ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ প্ৰাচীনতম আৰু অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ সত্তৰ লাখতকৈয়ো অধিক জনসংখ্যা থকা জনগোষ্ঠীটো আজিও বিভিন্ন সমস্যাৰে জৰ্জড়িত বুলি কলিতা জনগোষ্ঠী সন্মিলন, অসমে অভিযোগ কৰে।

আজি মাৰ্ঘেৰিটাত আয়োজিত এক সংবাদ মেলত সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে কলিতা জনগোষ্ঠীৰ দাবীসমূহৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জয় সূৰ্য্য বৰা, তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা দেবেন ডেকা, জিলা সমিতিৰ সভাপতি ধৰণী শইকীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মীনা বৰ্মন, তিনিচুকীয়া জিলাৰ সাংগঠনিক সম্পাদক পংকজ ডেকা, কলিতা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুৰজ তালুকদাৰ, সভপতি প্ৰসেনজিৎ কাকতি, মাৰ্ঘেৰিটাৰ সঞ্জীৱ বৰুৱা আৰু চন্দন শইকীয়াৰ উপস্থিত থাকে।

সংবাদমেলত জনগোষ্ঠীটোৰ নেতৃত্বই সংবিধানৰ ৩৪২ অনুচ্ছেদৰ যোগেদি কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতি ঘোষণা কৰি ২৪৪(২০) আৰু ২৭৫(১০) অনুচ্ছেদৰ ভিত্তিত ষষ্ঠ অনুসূচীভূক্ত কৰা, ১৯৮৩ চনত গঠিত টি পি তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে অজনজাতীয় খিলঞ্জীয়া অসমীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায়।

তেওঁলোকে প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা জনগোষ্ঠীৰ বাবে সুকীয়া স্বায়ত্ত্ব শাসিত পৰিষদ শীঘ্ৰে গঠন কৰাৰো দাবী উত্থাপন কৰে।

ইয়াৰ বাহিৰে কলিতা জনগোষ্ঠী উন্নয়ন পৰিষদ শীঘ্ৰে গঠন কৰা, বিটিএডি বিধান পৰিষদত কলিতা জনগোষ্ঠীয় সদস্যৰ প্ৰতিনিধিত্ব বাধ্যতামূলক কৰি আইন প্ৰয়ন কৰা, চৰকাৰী নিয়োগ নীতিৰ ক্ষেত্ৰত ৩০ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী জনায়।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণ কৰাৰ, অসমৰ প্ৰতিখন জিলাতে ভগদত্ত ভৱন আৰু প্ৰকল্প স্থাপনৰ ব্যৱস্থা কৰা আদি দহটা দাবী উত্থাপন কৰে।

সন্মিলনৰ দাবী সমূহৰ সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জনগোষ্ঠীটোৱে ২০২১ৰ নিৰ্বাচন বৰ্জন কৰিব বুলি অৱগত কৰে নেতৃবৃন্দই।