NORTHEAST NOW (Assamese)

ভাৰতক কৰ’না ভেকচিন দিয়াৰ আশ্বাস; কমলা হেৰিছক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

June 4, 2021 11:21 am · এন ই নাও নিউজ

বিশ্বৰ একাধিক দেশক কৰ’নাৰ ভেকচিন দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিডেন প্ৰশাসনে। বৃহস্পতিবাৰে হোৱাইট হাউছত ৰাষ্ট্ৰপতি জো বিডেনে এই সিদ্ধান্তৰ কথা সদৰী কৰে।

ৰাষ্ট্ৰসংঘৰ কোভাক্স গ্ল’বেল ভেকচিন শ্বেয়াৰিং প্ৰ’গ্ৰামৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বতে ৭৫শতাংশ অতিৰিক্ত ভেকচিন সৰবৰাহ কৰিব। এই তালিকাত ভাৰতো আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই পূৰ্বেই অতিৰিক্ত ভেকচিনৰ ২৫ শতাংশ বন্ধু দেশ ভাৰতক সৰবৰাহ কৰাৰ কথা জনাইছিল।

এই সন্দৰ্ভত দেশখনৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইট কৰি আমেৰিকাৰ এনে পদক্ষেপক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

কৰ’নাৰ দ্বিতীয়টো ঢৌত অস্থিৰ হৈ পৰা ভাৰতত প্ৰাপ্তবয়স্ক লোকসকলৰ ডিচেম্বৰৰ ভিতৰত টীকাকৰণ সম্পূৰ্ণ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰী তথ্য মতে, যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা টীকাকৰণ কাৰ্যসূচীত এতিয়াও ৮৯শতাংশ লোকৰ টীকাকৰণ বাকী আছে।

Related News