NORTHEAST NOW (Assamese)

বাঢ়নী পানীত বুৰ গ’ল কমলাবাৰী ফেৰীঘাট; মাজুলী-নিমাতী সংযোগী ফেৰী সেৱা ব্যাহত

July 9, 2019 5:17 pm · মিটু খাটনিয়াৰ

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গ’ল কমলাবাৰী ফেৰী ঘাট। নেৰানেপেৰা বৰষুণৰ ফলত তৰিৎ গতিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত মাজুলী-নিমাতী সংযোগী ফেৰী সেৱা ব্যাহত হৈ পৰিছে।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অতিশয় বৃদ্ধি পোৱাৰ লগতে নদীত প্ৰবল ঢৌ পৰিলক্ষিত হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে নিমাতী-কমলাবাৰীঘাট আৰু নিমাতী-অফলামুখ পাৰঘাটসহ যোৰহাট-মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ পাৰঘাটসমূহত আজিৰ পৰা একক ইঞ্জিনচালিত ফেৰীৰ চলাচল বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে আভ্যন্তৰীণ জলপৰিবহন বিভাগক।

আনহাতে নিতৌ বহু হাজাৰ যাত্ৰীৰ আহ-যাহৰ অন্যতম মাধ্যম ব্যস্ত ফেৰীঘাটসমূহত ফেৰীৰ সংখ্যা কমি যোৱাত যাত্ৰীসকল যথেষ্ট সমস্যাত পৰিছে।

ইফালে কমলাবাৰী ফেৰী ঘাটত থকা ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বানত বুৰ যোৱাত দোকান-পোহাৰসমূহ স্থানান্তৰিত কৰিব লগা হৈছে। ইয়াৰ মাজতে চৰকাৰী ফেৰী চলি আছে যদিও যাত্ৰীৰ তুলনাত ফেৰীৰ সংখ্যা যথেষ্ট কম হোৱাত যাত্ৰীসকল সন্মুখীন হৈছে সমস্যাৰ ।

Related News