NORTHEAST NOW (Assamese)

২৬ অক্টোবৰত ড্ৰাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

October 22, 2020 1:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জ্জনৰ দিনা আইন-শৃংখলা বৰ্তাই ৰখা তথা সুৰাজনিত দুৰ্ঘটনা আৰু অন্যান্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা ২৬ অক্টোবৰৰ দিনটো ড্ৰাই ডে ঘোষণা কৰিছে।

বিজয়া দশমীৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ   সুৰাৰ বিপনীসমূহ  সম্পূৰ্ণৰূপে বন্ধ থাকিব।

বিলাতী সুৰাৰ বিপনীৰ লগতে দেশীয় সুৰাৰ বিপনী, বাৰ, পাইকাৰী দোকান, ভঁৰালগৃহও বন্ধ থাকিব বুলি নিৰ্দেশনাযোগে জনাইছে।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে দিছে এই নিৰ্দেশনা।

নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তি বিহাৰ কথাও ঘোষণা কৰিছে পেগুৱে।

উল্লেথ্য যে ক’ৰ’না কালৰ মাজতো চৰকাৰ প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো গুৱাহাটীত আজিৰ পৰা অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা।

Related News