পূজা সমিতিক অসমীয়া ভাষা ব্যৱহাৰৰ আহ্বান : পূজাথলীবোৰ ধঁপাতমুক্ত হোৱাটো বাধ্যতামূলক

PujaCommittee

পূজা কমিটীসমূহৰ সৈতে প্ৰশানৰ বৈঠক। ৮ অক্তোবৰত।

এইবাৰ শাৰদীয় দুৰ্গোৎসৱত ৰাজ্যভাষা অসমীয়াক গুৰুত্বসহ ব্যৱহাৰ কৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

সোমবাৰে গুৱাহাটীত জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰ আৰক্ষী, পৌৰনিগম আৰু পূজাৰ লগত সম্পৰ্কিত বিভিন্ন বিভাগৰ সৈতে মহানগৰীৰ পূজা সমিতিসমূহৰ এখন বৈঠকত জিলা প্ৰশাসনে এই আহ্বান জনায়।

উল্লেখযোগ্য যে, অসম সাহিত্য সভাই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছিল। সাহিত্য সভাৰ অনুৰোধৰ ভিত্তিতেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিখন পূজাৰ উদ্যোক্তাকে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়।

এই সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই কয়, “প্ৰতিখন পূজা সমিতিয়ে নিজৰ ভাষাৰ স্বকীয়তা ৰক্ষা কৰাৰ উপৰি ৰাজ্যিক ভাষাক উপযুক্ত মৰ্যাদা দিয়ক। প্ৰতিখন বেনাৰ, প’ষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰক।”

অৱশ্যে এয়া প্ৰশাসনৰ নিৰ্দেশ নহয় বুলি মন্তব্য কৰি পূজা উদযাপন সমিতিসমূহক নিজে ৰাজ্যিক ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি, এইবাৰৰ পূজা হ’ব ধঁপাতমুক্ত পূজা। ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিখন পূজাথলী এশ শতাংশই ধঁপাতমুক্ত কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিছে।

পূজা সমিতিসমূহক পূজা মণ্ডপত অন্ততঃ দুখন বেনাৰ আঁৰি তাত ‘ধঁপাতমুক্ত অঞ্চল, ইয়াত ধূমপান কৰাটো অপৰাধ’ আৰু ‘শাৰদীয় পূজা ধঁপাতমুক্ত পূজা’ লিখিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে। লগতে পূজা সমিতিসমূহক প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈও নিৰ্দেশ দিছে।

এই সভাতেই মহানগৰ আৰক্ষীৰ আয়ুক্ত প্ৰদীপ শালৈ, পৌৰ নিগমৰ আয়ুক্ত মনালিছা গগৈকে ধৰি কেইবাগৰাকীও প্ৰশাসনিক আৰু আৰক্ষী বিষয়া উপস্থিত থাকি পূজা সমিতিসমূহক নিৰাপত্তা, যানজঁট নিয়ন্ত্ৰণ, স্বচ্ছতাকে ধৰি সকলো ক্ষেত্ৰতে আৰক্ষী-প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনায়।