• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিব্যাংগৰ বাবে বিশেষ সুবিধাৰে লোকসভা নিৰ্বাচনলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন

অনির্বান পাঠক by অনির্বান পাঠক
March 2, 2019 10:06 pm
অৰুণাচল প্ৰদেশৰ দুটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ নিৰ্বাচনৰ আয়োগে জাৰি কৰা বিশেষ নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ জিলা প্ৰশাসন ইতিমধ্যে সাজু হৈছে।

জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে উপায়ুক্ত বিশ্বজিৎ পেগু আৰু জিলা নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতিয়ে শনিবাৰে গুৱাহাটীৰ আৱৰ্ত ভৱনত সংবাদমাধ্যমৰ সৈতে এক সভাত মিলিত হয়।

এই সভাতেই ভাৰতৰ নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম লোকসকল যাতে ভোটদানৰ পৰা বঞ্চিত হ’ব নোৱাৰে তাৰ বাবে নিৰ্ধাৰণ কৰা বিশেষ সুবিধা সম্পৰ্কে জিলা উপায়ুক্তই জানিবলৈ দিয়ে। লগতে জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহতো দিব্যাংগ সকলে পাবলগীয়া সুবিধাসমুহ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

‘কোনো ভোটাৰেই যাতে ভোটদানৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে আমাক নিৰ্দেশ দিছে। বিশেষ ভাৱে সক্ষম লোকসকলকো ভোটগ্ৰহণ কেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে। গতিকে আমি প্ৰথমতে জিলা সমাজ কল্যান বিভাগৰ পৰা জিলাখনৰ বিশেষভাৱে সক্ষম লোকৰ তালিকাখন সংগ্ৰহ কৰিছো। তেওঁলোকে আমাক দিয়া জিলাখনৰ ১৭১৫ গৰাকী বিশেষভাৱে সক্ষম লোকৰ ২৫৭ গৰাকী ভোটাৰৰ আমি ইতিমধ্য চিনাক্ত কৰিছো’, উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়।

তেওঁ লগতে জনাই যে দিব্যাংগসকল কোনজন কেনে ধৰণে বাধাগ্ৰস্ত সেই বিষয়ে নিশ্চিত হৈ জিলা প্ৰশাসনে তেওঁলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। লগতে তেওঁলোকক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা নিয়া বা ভোটদানৰ সময়ত সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তিহে নিয়োজিত হ’ব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

ইপিনে জিলাখনত এইবাৰ মুঠ ১১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰত ১০,৭০,১৩২ গৰাকী ভোটাৰে ভোটদান কৰিব বুলি উপায়ুক্তই জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত ৫,৩৬,০৭০ গৰাকী পুৰুষ আৰু ৫,১৪,০৬২ গৰাকী মহিলা ভোটাৰ।

এইবাৰ লোকসভা নিৰ্বাচনত কামৰূপ মহানগৰ জিলাত ভোটগ্ৰহণৰ অন্তত মনিৰাম দেৱান বানিজ্য কেন্দ্ৰত ই ভি এম সমুহ ৰখাৰ বাবে ষ্ট্ৰং ৰূম স্থাপন কৰিব বুলিও উপায়ুক্তই প্ৰকাশ কৰে।

ভোটগ্ৰহণ কেন্দ্ৰসমূহক মুঠ ১১০ টা চেক্টৰ আৰু ২৫ টা মণ্ডলত ভাগ কৰা বুলি কৈ উপায়ুক্ত গৰাকীয়ে প্ৰতিটো মণ্ডলতে একোজনকৈ মাণ্ডলিক বিষয়া আৰু চেক্টৰ সমুহত প্ৰত্যকতে একোজনকৈ চেক্টৰ অফিচাৰ নিয়োগ কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ কিছুমানক পূৰ্বতে কোৱা স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ শব্দ দুটাৰ সলনি এইবাৰ তেনেধৰণৰ কেন্দ্ৰক Critical polling station হিচাপে জনা যাব বুলি পেগুৱে সদৰী কৰে। ইয়াৰ লগতে জিলাখনৰ ১০ শতাংশ ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ ‘ৱেব কাষ্টিং’ আৰু ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থা থাকিব বুলিও তেওঁ কয়।

নিৰ্বাচন প্ৰক্ৰিয়াটোত জিলাখনৰ পাঁচ হাজাৰতকৈও অধিক বিষয়া কৰ্মচাৰী নিয়োজিত হ’ব। ইয়াৰ উপৰিও প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দুজনকৈ আৰক্ষীৰ লোক নিয়োগ কৰিব আৰু Critical বলি চিহ্নিত ভোটগ্ৰহণ কেন্দ্ৰত অতিৰিক্ত বাহিনী থাকিব বুলিও উপায়ুক্তই জানিবলৈ দিয়ে।

আজিৰ সভাতেই জিলা নিৰ্বাচনী বিষয়া জিমলি শইকীয়া কাকতিয়ে নিৰ্বাচন আয়োগে প্ৰস্তুত কৰি উলিওৱা ‘চি ভিজিল’, ‘ই ভি এম এচ’, ‘ই টি পি বি এচ’ আৰু ‘সুবিধা’ এপৰ ব্যৱহাৰ সম্পৰ্কে সাংবাদিকসকলৰ আগত প্ৰকাশ কৰে। লগতে এইবাৰ ভোটগ্ৰহণৰ বাবে পোনপ্ৰথম বাৰৰ বাবে ব্যৱহাৰ হ’বলগীয়া ভি ভি পেট (ভোটাৰ ভেৰিফিকেশ্যন পেপাৰ অডিট ট্ৰেইল) পদ্ধতি সম্পৰ্ৰকেও অৱগত কৰে।

ভোটাৰৰ সুবিধাৰ বাবে জিলা প্ৰশাসনে এটা ডিষ্ট্ৰিক্ট কল চেন্টাৰ মুকলি পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ বিনামূলীয়া সেৱা আগবঢ়াই থকাৰ কথাও জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে। ভোটাৰে যি কোনো অসুবিধাৰ সন্মুখীন হ’লে বা নিৰ্বাচন সম্পৰ্কীয় কোনো কথা জানিব বিচাৰিলে ১৯৫০ নম্বৰত এই কল চেন্টাৰত যোগাযোগ কৰিব পাৰে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

August 19, 2025 10:18 am
অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

August 19, 2025 10:06 am
কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

August 19, 2025 9:38 am
ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

August 19, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

August 19, 2025 10:18 am
অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

August 19, 2025 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd