ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত নাথাকে উইলিয়ামচন, দলৰ অধিনায়কৰ দায়িত্বত ছাউদী

India VS New Zealand T-20 series

কাইলৈৰ পৰা ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে নিউজিলেণ্ড দলত নাথাকিব নিয়মীয়া অধিনায়ক কেন উইলিয়ামছন। উইলিয়ামছনৰ অনুপস্থিতিত প্ৰথমখন খেলত টিম ছাউদীয়ে দলটোক নেতৃত্ব দিব।

তিনিখনীয়া টি-২০ শৃংখলাৰ পাছতে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰস্তুতিৰ বাবে কেন উইলিয়ামচনে টি-২০ শৃংখলাত ভাগ নলয়।

এক বিজ্ঞপ্তিত নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে কয়, “বুধবাৰৰ টি-২০ শৃংখলাৰ প্ৰথম খেলৰ লগতে শুক্ৰবাৰ আৰু দেওবাৰে অনুষ্ঠিত হ’বলগীয়া টি-২০ মেচকেইখনত ভাগ লোৱাৰ পৰিৱৰ্তে উইলিয়ামছনে জয়পুৰত অনুশীলনৰত টেষ্ট দলত যোগদান কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে টেষ্ট শৃংখলাৰ প্ৰস্তুতিৰ ওপৰত অধিক গুৰুত্ব দিছে।”

শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈছিল নিউজিলেণ্ড। ফাইনেলত অধিনায়ক উইলিয়ামচনে ৮৫ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলিছিল। উইলিয়ামচনৰ অনুপস্থিতিত দলৰ বেটিং লাইন আপ কিছু দুৰ্বল হ’ব বুলি অনুমান কৰা হৈছে।

শৃংখলাটোৰ তিনিখন টি-২০ ১৭ নৱেম্বৰত জয়পুৰৰ চৱাই মানসিং ষ্টেডিয়াম, ১৯ নৱেম্বৰত ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম আৰু ২১ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

উইলিয়ামছনে ২৫ নৱেম্বৰৰ পৰা কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত আৰম্ভ হোৱা প্ৰথম খন টেষ্টৰ বাবে দলত যোগ দিব আৰু দলৰ অধিনায়কৰ দায়িত্ব ল’ব।

নিউজিলেণ্ড ক্ৰিকেটে টি-২০ শৃংখলাৰ বাবে পেচাৰ লকি ফাৰ্গুচনৰ উপলব্ধতাৰ ওপৰত এটা বিবৃতি প্ৰকাশ কৰিছে। আঘাতৰ সমস্যাৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বলাৰ গৰাকীৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ সুস্থ হৈছে আৰু প্ৰথম মেচত ভাগ ল’ব পৰাকৈ দললৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে।