NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদী ভগৱান ৰামৰ অংশ! মোদী বন্দনাত মুখৰ ‘সৈনিক’ কংগনা

April 1, 2024 9:08 pm · এন ই নাও নিউজ, গুৱাহাটী

দীৰ্ঘসময় ধৰি ৰাজনৈতিক বিষয়ত মন্তব্য প্ৰকাশ কৰি ৰাজনীতিত প্ৰৱেশৰ ইংগিত দি থকা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে অৱশেষত চৰ্চা চলি থকাৰ দৰেই প্ৰৱেশ ঘটালে ৰাজনীতিত।

আগন্তুক লোকসভা নিৰ্বাচনত কংগনা ৰাণাৱট বিজেপি প্ৰাৰ্থী হিচাপে হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা অৱতীৰ্ণ হ’ব। ৰাজনীতিৰ পথাৰত নৱাগত হ’লেও কংগনা ৰাণাৱটে অৱশ্যে বিজেপি বা মোদী অনুগামী হিচাপে বহু দিনৰ পৰাই চিনাকি দি আহিছে।

বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ আহিছে কংগনা। পিছে ৰাজনীতিত ভৰি দিয়াৰ পিছত এই প্ৰশংসা তীব্ৰতৰ হৈ পৰিছে কংগনাৰ মুখত। এইবাৰ কংগনাই প্ৰধানমন্ত্ৰী মোদীক ভগৱান ৰামৰ অংশ বুলি অভিহিত কৰিছে।

মণ্ডীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগনা ৰানাৱটে মোদী সন্দৰ্ভত এই মন্তব্য কৰিছে। কংগনাই কয়, “আজি মই ইয়াত নৰেন্দ্ৰ মোদীৰ এম্বেছাদৰ হিচাপে আছো। মোৰ বাবে আপোনাৰ প্ৰতিটো ভোট প্ৰধানমন্ত্ৰীৰ বাবে আশীৰ্বাদ হ’ব।”

ৰাম মন্দিৰৰ প্ৰসংগ টানি কংগনাই লগতে কয় যে যোৱা ৫০০ বছৰ ধৰি নোহোৱাকৈ হৈ থকা কামটো নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতহে সম্ভৱ হৈ উঠিছে। কংগনাৰ মতে, যেতিয়া মোদী প্ৰধানমন্ত্ৰীৰ আসনত থাকে তেতিয়া ইমান বছৰৰ অপেক্ষা ৰামৰ কৃপাত শেষ হৈ যায়।

মোদীৰ কাৰ্যকালত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি দোহাই দি মোদীৰ মাজত ভগৱান শ্ৰীৰামচন্দ্ৰৰ এটা অংশ দেখিছো বুলি মন্তব্য কৰে কংগনাই। নিজকে মোদীৰ সৈনিক বুলি উল্লেখ কৰি তেওঁ লগতে ৰাম সেতু নিৰ্মাণত অংশগ্ৰহণ কৰা কেৰ্কেটুৱা বুলি পৰিচয় দিয়ে।

Related News