• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগণাৰ মহাবিস্ফোৰণ : ‘যিকোনো সময়তে আমাৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিব পাৰে!’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 9:03 pm
fdsfdg_5c6e6cae52703
392
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ নিৰ্ভীক অভিনেত্ৰী কংগণা ৰাণাৱটৰ এক টুইটে পুনৰ খলকনি তুলিছে বলিউদৰ লগতে তেওঁৰ অগণন অনুৰাগীৰ মাজত।

বলিউদৰ সাহসী অভিনেত্ৰী গৰাকীয়ে টুইটাৰ যোগে জনাইছে যে তেওঁৰ টুইটাৰ একাউন্টটো বন্ধ কৰি দিয়া হ’ব পাৰে!

বলিউদৰ ফিল্মমাফিয়াসকলৰ স্বজন-তোষণৰ বিৰুদ্ধে অবিৰতভাৱে সোচ্ছাৰ হৈ অহা অভিনেত্ৰীগৰাকীৰ টুইটাৰ একাউন্টটো বন্ধ কৰি দিয়াৰ আশংকা প্ৰকাশ কৰিছে খোদ কংগণাই।

“…মই গম পাইছো যে ইয়াত মোৰ সময় কমি আহিছে, যিকোনো সময়তে তেওঁলোকে মোৰ একাউন্টটো বন্ধ কৰি দিব পাৰে, যদিও মোৰ বহু কথাই শ্বেয়াৰ কৰিবলৈ আছে, কিন্তু এই সময়খিনি মই তেওঁলোকৰ মুখা খুলিবলৈ ব্যৱহাৰ কৰিম।” কংগণাই এটা টুইটত এইদৰে কয়।

কংগণাৰ এই টুইট পোৱাৰ লগে লগে অনুৰাগীসকলে কংগণাৰ ওচৰত থিয় হোৱা পৰিলক্ষিত হৈছে। বহুতে ৰিটুইট কৰি অভিনেত্ৰী গৰাকীক সাহসো দিছে। টুইটাৰ একাউন্টটো বন্ধ কৰি দিলে অভিনেত্ৰী গৰাকীক ইউ টিউবত আহিবলৈও বহু অনুৰাগীয়ে আহ্বান জনাইছে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছৰ পৰাই অভিনেত্ৰী কংগণাই বলিউদৰ ফিল্মমাফিয়া আৰু স্বজন-প্ৰীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আহিছে।

কৰণ জোহৰ, মহেশ ভাট, আলিয়া ভাট, ৰণবীৰ কাপুৰ আদিৰ বিৰুদ্ধে বৰ্তমানেও বিষোদগাৰ প্ৰকাশ কৰি আছে অভিনেত্ৰী গৰাকীয়ে।

যোৱা স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ পিছত অভিনেত্ৰী গৰাকীৰ পুনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। আনকি কংগণাই বিজেপিত যোগদান কৰা বুলিও সমালোচনা কৰিছে একাংশই।

এই সংক্ৰান্ত অভিনেত্ৰীগৰাকীয়ে স্পষ্টৰূপত কয় যে, তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কিছু কামক প্ৰশংসা কৰিছে। লগতে কয় যে তেওঁৰ ককাকৰ দিনৰে পৰাই তেওঁলোকৰ পৰিয়াল কংগ্ৰেছী।

“ককাৰ দিনৰে পৰাই আমি কংগ্ৰেছী। ‘গেংষ্টাৰ’ কৰাৰ পৰাই ৰাজনীতিত যোগ দিবলৈ প্ৰস্তাৱ আহি আছে। ‘মণিকৰ্ণিকা’ কৰাৰ পিছত বিজেপিত যোগ দিয়াৰ প্ৰস্তাৱো আহিছে। কিন্তু আমি আমাৰ অভিনয়ত মন দি আহিছো। কোনো ব্যক্তিক স্বাধীনভাৱে সমৰ্থন কৰিলেই ৰাজনীতিত যোগ দিয়া নুবুজায়। এনে অনৰ্থক ট্ৰলিং বন্ধ কৰক।” কংগণা ৰাণাৱটে কয়।

Recent News

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd