NORTHEAST NOW (Assamese)

কংগ্ৰেছত যোগদান নিশ্চিত কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীৰ !

September 20, 2021 8:07 pm · এন ই নাও নিউজ

জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা আৰু বৰ্তমানৰ বাওঁপন্থী নেতা কানহাইয়া কুমাৰ আৰু গুজৰাটৰ ৱাডগম বিধানসভা সমষ্টিৰ বিধায়ক তথা যুৱনেতা জিগনেশ মেৱানীয়ে কংগ্ৰেছত যোগদান কৰাতো নিশ্চিত হৈছে!

NDTVএ প্ৰকাশ কৰা অনুসৰি অহা ২ অক্টোবৰত দুয়োগৰাকী যুৱনেতাই কংগ্ৰেছত যোগদান কৰিব। দুই যুৱনেতাই অহা ২৮ ছেপ্টেম্বৰত ভগৎ সিঙৰ জন্মজয়ন্তীত কংগ্ৰেছত যোগদান কৰাৰ কথা আছিল।

কংগ্ৰেছৰ দলীয় সূত্ৰৰ উদ্ধৃতি দি NDTVএ কয় যে শেহতীয়াকৈ ২৮ ছেপ্টেম্বৰৰ পৰিৱৰ্তে দুই যুৱনেতাই মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া দলীয় এক অনুষ্ঠানত কংগ্ৰেছত যোগদান কৰিব।

উল্লেখ্য যে মেধা আৰু বাকপটুতাৰে দেশৰ ৰাজনীতিত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দুই যুৱনেতাৰ কংগ্ৰেছ গমনৰ বাতৰিয়ে দেশৰ ৰাজনীতিত বিশেষভাৱে চৰ্চা লাভ কৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি বৰ্তমানৰ নিৰ্দলীয় বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গুজৰাট প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰূপে দায়িত্ব দিয়া হ’ব পাৰে।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এগৰাকী প্ৰভাৱশালী নেতাৰ সন্ধানত আছিল যিগৰাকী নেতাৰ নেতৃত্ব ২০২২ গুজৰাট বিধানসভা আৰু ২০২৪ লোকসভা নিৰ্বাচনত গুজৰাটত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব।

ইফালে কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰিছে যে যোৱা দুটা সপ্তাহত কানহাইয়া কুমাৰে ৰাহুল গান্ধীক দুবাৰকৈ সাক্ষাৎ কৰিছে। ছাত্ৰাৱস্থা অৰ্থাৎ ২০১৬ চনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনবিৰোধী নীতি আৰু বিজেপিক এককভাৱে তীক্ষ্ণ সমোলাচনাৰে তোলাধূনা দি আহিছে বাওঁপন্থী নেতা কানহাইয়া কুমাৰে। আনহাতে ২০১৯ লোকসভা নিৰ্বাচনত কানহাইয়া কুমাৰে বেগুছৰাইৰ পৰা চিপিএমৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজিত হৈছিল।

উক্ত পৰাজয় পিছৰে পৰা কানহাইয়া কুমাৰক ৰাজনৈতিকভাৱে যথেষ্ট নিস্তেজ হৈ পৰা দেখা গৈছিল। আনকি বিহাৰ বিধানসভাৰ যোৱা নিৰ্বাচনতো কানহাইয়া কুমাৰ সিমান সক্ৰিয় হোৱা নাছিল।

অৱেশ্য দেশৰ দুই মেধাৱী যুৱনেতাই কংগ্ৰেছ যোগদান কৰাৰ পিছত কংগ্ৰেছ দলটো কিমান গতিশীল হয় আৰু আগ্ৰাসী বিজেপিক কেনেকৈ প্ৰৰিতোধ কৰিব সেয়া আগন্তুক সময়ত অতি লক্ষণীয় হ’ব।

Related News