NORTHEAST NOW (Assamese)

আজি কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে !

September 28, 2021 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী

ছাত্ৰ নেতা কানহাইয়া কুমাৰ আৰু গুজৰাটৰ দলিত নেতা জিগনেশ মেৱানীয়ে আজি কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে।

কানহাইয়া কুমাৰক দললৈ স্বাগতম জনোৱা পোষ্টাৰেৰে আজি ৰাতিপুৱা দিল্লীৰ কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

কানহাইয়া কুমাৰে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল আৰু তেওঁৰ গৃহচহৰ বিহাৰৰ বেগুচৰাইৰ পৰা বিজেপিৰ গিৰিৰাজ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ নিৰ্বাচনত জয়ী হ’বলৈ ব্যৰ্থ হৈছিল।

জেএনইউ ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰক ২০১৬ চনত সংসদ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আফজল গুৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত উত্থাপিত “দেশবিৰোধী শ্ল’গান”ৰ অভিযোগৰ ভিত্তিত বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

আনহাতে যুৱ নেতা তথা গুজৰাটৰ ভাদগাম সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়ক জিগনেশ মেৱানী অহা বছৰ ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নিৰ্বাচনী কৌশলৰ মূল চাবিকাঠি হিচাপে পৰিগণিত হৈছে।

সূত্ৰ অনুসৰি কানহাইয়া কুমাৰে ইতিমধ্যে দুসপ্তাহৰ ভিতৰত দুবাৰ ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰিছে। তদুপৰি তেওঁ প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো লগ কৰিছে বুলি জানিব পৰা গৈছে।

Related News