NORTHEAST NOW (Assamese)

সম্ভৱ? বুলবুলি চৰাইৰ পিঠিত উঠি আন্দামান কাৰাগাৰৰ পৰা ওলাই আহিছিল সাভাৰকাৰ!

August 29, 2022 10:24 am · এন ই নাও নিউজ, গুৱাহাটী

Savarkar flew on a bulbul from Jail বুলবুলি চৰাইৰ পিঠিত উঠি আন্দামানৰ চেলুলাৰ কাৰাগাৰৰ পৰা ওলাই আহিছিল বিনায়ক দামোদৰ সাভাৰকাৰ। এইদৰে তেওঁ নিজৰ মাতৃভূমিক চাবলৈ ওলাই আহিছিল। কৰ্ণাটকৰ বিদ্যালয়ৰ পাঠ্যপুথিত লিখা হৈছে এইদৰে।

ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ইতিহাস বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

কৰ্ণাটকৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যক্ৰম অনুসৰি ইয়াত কেইবাটাও নতুন পদ্য আৰু গদ্য অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ ভিতৰতে সাভাৰকাৰৰ বিষয়ে এই ধৰণৰ অদ্ভুত দাবী কৰা পাঠো আছে।

লগতে পঢ়ক: India beats Pakistan: হাৰ্ডিকৰ নায়কোচিত প্ৰত্যাৱৰ্তন! এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাজিত কৰিলে ভাৰতে

অষ্টম শ্ৰেণীৰ কানাড়া পাঠ্যপুথিখনত লিখা হৈছে, “যিটো চেলত সাভাৰকাৰক ৰখা হৈছিল তাত চাবি সুমুৱাব পৰাকৈয়ো সুৰুঙা নাছিল। কিন্তু সেই চেললৈ  প্ৰতিদিনে আহিছিল এটা বুলবুলি চৰাই। সাভাৰকাৰে প্ৰতিদিনে মাতৃভূমিক চাবলৈ ইয়াৰ  পিঠিত উঠি কাৰাগাৰৰ পৰা ওলাই আহিছিল।‘’

ভাৰতৰ স্বাধীনতা সংগ্ৰামত সাভাৰকাৰৰ ভূমিকাক লৈ আৰ এছ এছ আৰু কংগ্ৰেছৰ মাজত বিবাদ চলি আছে। বিৰোধীয়ে ক্ষমা বিচাৰি ব্ৰিটিছ কৰ্তৃপক্ষলৈ সাভাৰকাৰৰ পত্ৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

লগতে পঢ়ক: বোকাখাতৰ পৰা সংগোপনে নিয়া অতি বিৰল প্ৰজাতিৰ চানা বাৰ্কা মাছ সহ এজন লোকক জখলাবন্ধাত কৰায়ত্ত

কৰ্ণাটকত সাভাৰকাৰক অষ্টম শ্ৰেণীৰ পাঠ্যত কেনেদৰে দাঙি কৰা হৈছে তাক লৈ নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে। তদুপৰি, বুলবুলি চৰাইৰ পিঠিত উঠি কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই অহা কাহিনীৰ বিজ্ঞান সন্মত ব্যাখ্যা বিচাৰি প্ৰায় অজ্ঞান হৈ পৰাৰ সম্ভাৱনাহে ব্যক্ত কৰিছে বহুতে।

Related News