বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে

man threatens minor to cut her into pieces

দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ উত্তৰ প্ৰদেশতো এনে অনুৰূপ হত্যাকাণ্ডৰ ভাবুকি দি ৰঙাঘৰৰ আলহী হৈছে এগৰাকী যুৱক। ৰাজ্যখনৰ কানপুৰৰ যুৱকগৰাকীয়ে এগৰাকী ১৭ বছৰীয়া কিশোৰীক বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই টুকুৰা-টুকুৰকৈ কাটি হত্যাৰ ভাবুকি দিছে।

মহম্মদ ফৈজ নামৰ অভিযুক্ত যুৱক গৰাকীয়ে কিশোৰী গৰাকীক তেওঁৰ সৈতে বিয়াত বহিবলৈ হেঁচা প্ৰয়োগ কৰে যদিও এই প্ৰস্তাৱ নাকচ কৰে কিশোৰী গৰাকীয়ে। এই প্ৰত্যাখ্যানত খৰ্গহস্ত হৈ যুৱকগৰাকীয়ে তেওঁৰ সৈতে বিয়া নহ’লে কিশোৰীগৰাকীক টুকুৰা-টুকুৰকৈ কাটি পেলোৱাৰ ভাবুকি দিয়ে।

অভিযুক্ত ফৈজে কিশোৰীগৰাকীৰ প্ৰায়ে পিছে পিছে বিদ্যালয়লৈ গৈ বাৰে বাৰে তেওঁক হাৰাশাস্তি কৰিছিল বুলি পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ কৰিছে। তেওঁলোকে ফৈজক এনে ধৰণৰ আচৰণ নকৰিবলৈ সকীয়নি দিয়ে যদিও এনে সকীয়নিলৈ কেৰেপ নকৰাকৈ কিশোৰীগৰাকীক দৈনিক হাৰাশাস্তি কৰে।

ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপি ফৈজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত নৌবাষ্টা আৰক্ষীয়ে চমন গঞ্জত থকা ফৈজৰ বাসগৃহত অভিযান চলায়।

ইফালে আৰক্ষী বিষয়াসকল ফৈজৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে ফৈজৰ পৰিয়ালৰ লোকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এনে পৰিস্থিতিত অধিক সংখ্যক আৰক্ষী কৰ্মীক সেই স্থানলৈ মাতিবলৈ বাধ্য হয় আৰক্ষী আৰু অৱশেষত ফৈজক গ্ৰেপ্তাৰ কৰা হয়।

জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি, যোৱা ১৬ অক্টোবৰত মহম্মদ ফৈজৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল। ইতিমধ্যে ফৈজক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।