প্ৰেম আৰু যুদ্ধত সকলো শুদ্ধ! প্ৰেমিকৰ পিতৃৰ সৈতে পলায়ন ২০ বছৰীয়া প্ৰেমিকাৰ

কথিত আছে, প্ৰেম আৰু যুদ্ধত সকলো শুদ্ধ। অৰ্থাৎ প্ৰেম আৰু যুদ্ধত গ্ৰহণ কৰা সকলো সিদ্ধান্তই শুদ্ধ! এই চলতি কথাষাৰকে যেন শুদ্ধ প্ৰমাণিত কৰি এগৰাকী যুৱতীয়ে প্ৰেমিকৰ পিতৃৰ সৈতে পলায়ন কৰিলে।

ঘটনাটো উত্তৰ প্ৰদেশৰ কাণপুৰৰ। সংবাদ মাধ্যত প্ৰকাশিত খবৰ অনুসৰি ২০ বছৰীয়া এগৰাকী যুৱতীয়ে প্ৰেমিক আৰু নিজৰ পৰিয়ালক ত্যাগ কৰি প্ৰেমিকৰ পিতৃৰ সৈতে পলায়ন কৰিছিল। এই ঘটনাটো বিগত বছৰতে সংঘটিত হৈছিল।

কমলেশ নামৰ লোকজনে ২০২২ বৰ্ষৰ মাৰ্চ মাহত নিজ পুত্ৰৰ প্ৰেমিকাক লৈ পলায়ন কৰিছিল। ইয়াৰ পাছতে যুৱতীগৰাকী পৰিয়ালে কমলেশৰ বিৰুদ্ধে চাকেৰী আৰক্ষী থানাত অপহৰণৰ গোচৰ দাখিল কৰে। যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কমলেশ আৰু যুৱতীগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও যোৱা এবছৰে কোনো সন্ধান লাভ নকৰিলে।

কিন্তু বছৰজোৰা অভিযানৰ অন্তত আৰক্ষীয়ে যোৱা মংগলবাৰে পলাতক কমলেশ আৰু যুৱতীগৰাকীৰ সন্ধান লাভ কৰে।

আৰক্ষীৰ মতে পলাতক কমলেশ আৰু যুৱতীগৰাকীয়ে দিল্লীত আত্মগোপন কৰি আছিল। আৰক্ষীৰ মতে কমলেশ আৰু যুৱতীগৰাকী দিল্লীত একেলগে আছিল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি দাবী কৰিছে। কমলেশক আৰক্ষীৰ জিম্মাত লোৱাৰ পৰিৱৰ্তে বুধবাৰে যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

ইফালে যুৱতীগৰাকীয়ে কমলেশৰ সৈতে জীৱনটো কটাবলৈ বিচাৰে বুলি সদৰী কৰিলও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।