NORTHEAST NOW (Assamese)

ক’ৰ’না : কপিল শৰ্মাই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ৫০ লাখ টকা

March 26, 2020 4:30 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ মনোৰঞ্জন জগতৰ তাৰকাসকলে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন। এই সংকটকালৰ সময়ত কমেডি ষ্টাৰ কপিল শৰ্মাৰ লগতে বিভিন্নজনে সহায় আগবঢ়োৱা পৰিলক্ষিত হৈছে।

কপিল শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। তেওঁ লিখিছে, ‘এই সময় একেলগে ঠিয় হোৱাৰ সময়, যাক আমাৰ প্ৰয়োজন আছে। ক’ৰ’নাৰ সৈতে যুঁজিবলৈ মই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা আগবঢ়ালো। সকলোকে ঘৰত থকাৰ অনুৰোধ জনাইছো’।

দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণেও আৰ্থিক বৰঙণি আগবঢ়োৱাৰ কথা টুইটযোগে ঘোষণা কৰিছে। তেওঁ কয়, ‘মই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰিলো’।

দক্ষিণৰ অভিনেতা ৰাম চৰণেও প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৭০ লাখ টকা।

ইয়াৰ উপৰি বলিউদৰ একতা কাপুৰ, কিয়াৰা আদৱানি, ভুমি পেডনেকাৰ, সিদ্ধাৰ্থ মলহোত্ৰাৰ দৰে তাৰকাইয়ো টুইটযোগে সকলোকে এই সংকটৰ সময়ত সাধ্যানুসাৰে সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।

Related News