SONY টিভিৰ পৰা দ্যা কপিল শৰ্মা শ্ব’ৰ বাবদ কিমান পাৰিশ্ৰমিক লাভ কৰে অভিনেতা কপিল শৰ্মাই?
চনী টিভিৰ জনপ্ৰিয় কমেডি শ্ব’ ‘কমেডি নাইট উইথ কপিল’ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো সমানে জনপ্ৰিয় হৈছিল।
চনী টিভিয়ে জনপ্ৰিয় অভিনেতা কপিল শৰ্মা আৰু তেওঁৰ সতীৰ্থ অভিনয় শিল্পী সকলক প্ৰশংসাৰে ওপচাই পেলাইছিল সেই শ্ব’টোৰ বাবে।
উল্লেখযোগ্য যে, মাজতে কিছু দিনৰ বাবে কপিল শৰ্মাই তেওঁৰ জনপ্ৰিয় কমেডি ধাৰাবাহিকখনৰ পৰা অব্যাহতি লৈ চলচ্চিত্ৰত কাম কৰিবলৈ যোৱাৰ সময়ত চনী টিভিৰ টি আৰ পি প্ৰভাৱিত হৈছে।
জানিব পৰা মতে, কপিল শৰ্মাই তেওঁৰ জনপ্ৰিয় টেলিভিশ্যন শ্ব’ৰ বাবে পূৰ্বতকৈ মোটা অংকৰ পাৰিশ্ৰমিক গ্ৰহণ কৰে।
কপিল শৰ্মাই প্ৰতিটো দৰ্শনীৰ বাবদ ৬০-৮০ লাখ টকা পৰ্য্যন্ত পাৰিশ্ৰমিক আদায় লয়।
‘কমেডি নাইট উইথ কপিল’ৰ চিত্ৰনাট্যৰ পৰা আৰম্ভ কৰি প্ৰডাকছন আৰু এংকৰিঙলৈ সকলো কপিল শৰ্মাৰ কান্ধৰ ওপৰতে নিৰ্ভৰ কৰে।
যহিদে আপুনি হিচাপ কৰে প্ৰতি মাহত কমেডি নাইট উইথ কপিলৰ মুঠ আঠটা খণ্ড সম্প্ৰচাৰিত হয় আৰু এই আঠটা শ্ব’ত অভিনেতাগৰাকীয়ে প্ৰায় ৫ কোটি টকাৰ চেক লাভ কৰে।
বলীউদৰ নতুন অভিনেতা সকলতকৈ কপিল শৰ্মাই লাভ কৰা টকাৰ পৰিমাণ যথেষ্ট বেছি। বলীউদৰ অভিনেতা সকলে বছৰটোত বেছি সংখ্যক দুইৰ পৰা তিনিখন চলচ্চিত্ৰতহে অভিনয় কৰে আৰু সেই অনুপাতে পাৰিশ্ৰমিক লাভ কৰে।
পূৰ্বৰ গুত্থি (বৰ্তমানৰ ডাক্টৰ) মাচুৰ গুলাটি, সুনীল গ্ৰোভাৰে প্ৰতিটো খণ্ডৰ পাৰিশ্ৰমিক হিচাপে প্ৰায় ১০-১২ লাখ টকা আদায় লয়।
জনপ্ৰিয় টেলিভিশ্যন শ্ব’টোত চান্দুৰ অভিনয় কৰা চন্দন প্ৰভাকৰে প্ৰতিটো খণ্ডৰ বাবে ৪ লাখ আৰু দুগৰাকী অভিনেত্ৰী সুমনা চক্ৰৱৰ্তীয়ে ৬-৭ লাখ, ৰোচেলা ৰাৱে ৩-৪ লাখ টকা পাৰিশ্ৰমিক হিচাপে লাভ কৰে।
জনপ্ৰিয় টেলিভিশ্যন শ্ব’টোৱে কপিল শৰ্মাক দেশৰ এগৰাকী আগশাৰীৰ কৌতুক অভিনেতা হিচাপে প্ৰতিখন ঘৰতে চিনাকী কৰাই দিছিল।
টেলিভিশ্যনত আন এগৰাকী কৌতুক অভিনেত্ৰী ভাৰতী সিঙৰ কমেডি নাইট লাইভ নামৰ আন এটা শ্ব’ সম্প্ৰচাৰিত হৈছিল যদিও সেই অনুষ্ঠানটোৱে কপিল শৰ্মাৰ জনপ্ৰিয়তাক প্ৰত্যাহবান জনাবলৈ সক্ষম নহ’ল।