বাবৰি মছজিদ ভঙা কৰ সেৱক বলবীৰ সিং এতিয়া মহম্মদ আমিৰ, সাজিছে কেৱল মছজিদ

২৫ বছৰ আগৰ মানুহজন আৰু এতিয়াৰ মানুহ জনৰ মাজত বহু অমিল।

২৫ বছৰ আগৰ উগ্ৰ হিন্দুত্ববাদী লোক জনে এতিয়া হিন্দু অথবা মুছলমান,উভয় ধৰ্মকে সম দৃষ্টিৰে চায়।

নাম তেওঁৰ বলবীৰ সিং। বাবৰি মছজিদ ধ্বংসৰ সময়ত তেওঁৰ বয়স আছিল তেনেই কম।

হাৰিয়ানাৰ পানীপথৰ বাসিন্দা বলবীৰ সিঙে বন্ধু যোগেন্দ্ৰ পালৰ সৈতে অযোধ্যালৈ গৈছিল এজন কৰ সেৱক হিচাবে ।

বাবৰি মছজিদৰ মুধচত উঠি বলবীৰে  হাতুৰীৰে শোধাইছিল কেইবাটাও কোব।

জয়ৰ আনন্দৰে বলবীৰ উভতি আহিছিল ঘৰলৈ।

লগত লৈ আহিছিল বাবৰি মছজিদৰ দুটা ইটা। সেই ইটা দুটা তেওঁ এতিয়াও সযতনে ৰাখিছে।

এদিন বলবীৰ সিঙৰ জীৱনলৈ এক নাটকীয় পৰিৱৰ্তন আহিল।

বন্ধু যোগেন্দ্ৰ পালক সাক্ষাৎ কৰিবলৈ গৈ বলবীৰ সিং আচৰিত হৈ পৰিল।

কৰ সেৱক যোগেন্দ্ৰই ধৰ্মান্তৰিত হৈ মুছলমান হৈছে।

বন্ধুৰ পথকেই অনুসৰণ কৰি বলবীৰ সিঙেও ইছলামত দীক্ষিত হ’ল।

ছনেপটৰ মলৈানা কালিম ছিদ্দিকীয়ে বলবীৰ সিঙক ইছলামলৈ ধৰ্মান্তৰিত কৰে।

বলবীৰৰ নাম ৰখা হয় মহম্মদ আমীৰ।

ৰোহটকৰ মহৰ্ষি বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিষয় ক্ৰমে ইংৰাজী,ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা মহম্মদ আমীৰে এতিয়া পণ লৈছে কমেও ১০০ মছজিদ মেৰামতি কৰাৰ।