NORTHEAST NOW (Assamese)

ক’ৰ’নাত মৃত্যু ঘটিল কাৰ্বি আংলঙৰ মাণ্ডলিক বন বিষয়াৰ

July 27, 2020 11:29 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কাৰ্বি আংলং জিলাৰ মাণ্ডলিক বন বিষয়া জয়সিং বাৰৰ সোমবাৰ অৰ্থাৎ আজি মৃত্যু ঘটে।

জানিব পৰা মতে বন বিষয়া গৰাকী গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক’ভিড-১৯ৰ চিকিৎসা গ্ৰহণ কৰি আছিল।

উল্লেখ্য যে প্ৰথম অৱস্থাত জয়সিঙৰ পত্নীৰ দেহতহে ক’ৰ’নাৰ অৱস্থিতি ধৰা পৰিছিল। কিন্তু কিছু দিন পাছত তেওঁ সুস্থ হৈ উঠে।

ইফালে কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সচিব তুলিৰাম ৰংহাঙে জয়সিঙৰ মৃত্যুত গভাৰ শোকপ্ৰকাশ কৰে।

ইয়াৰ উপৰি ক’ৰ’না ভাইৰাছৰ সক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তুলিৰাম ৰংহাঙে জনসাধাৰণক সামাজিক দূৰ্তব মানি চলাৰ লগতে সকলো সময়তে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে।

জানিব পৰা মতে, বন বিষয়া জয়সিঙৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁৰ পৰিয়ালৰ লোক গুৱাহাটীলৈ ৰাওনা হৈছে।

Related News