অহা ৮ নৱেম্বৰত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ নৱ নিৰ্মিত ফুটবল ষ্টেডিয়ামত কাৰ্বি আংলং মৰ্নিং এফ চি আৰু আছাডুজামান এফ চিৰ মাজত অনুষ্ঠিত হ’ব এখন প্ৰীতি ফুটবল মেচ। আজি এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তুলিৰাম ৰংহাঙে।
৮ নৱেম্বৰৰ মেচখনত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া উপস্থিত থাকিব বুলি জানিবলৈ দি তুলিৰাম ৰংহাঙে কয়, ‘কাৰ্বি আংলং ক্ৰীড়া সন্থাই নতুনকৈ নিৰ্মাণ কৰা ষ্টেডিয়ামখনত অহা ৮ নৱেম্বৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এখন ফুটবল মেচ অনুষ্ঠিত কৰা হৈছে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে’।
‘যুৱ প্ৰজন্ম যাতে ক্ৰীড়াৰ দিশত ধাৱমান হয় তাৰ বাবে আমি ক্ৰীড়া আন্তঃগাথনি উন্নয়নত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছো। ক্ৰীড়াৰ জৰিয়তে বিশ্ববাসীৰ মাজত আমি কাৰ্বি আংলঙক চিনাকি দিব বিচাৰো’। এইদৰে কয় তুলিৰাম ৰংহাঙে।
আনহাতে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবলৰ উপৰি অন্যান্য ক্ৰীড়া কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত আন্তঃৰাজ্যিক আৰু অহা বৰ্ষৰ জানুৱাৰিত এখন আন্তঃজিলা পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ অনুদান সাপেক্ষে কাৰ্বি আংলঙৰে হানজাংলাংছোত আৰু এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি ৰংহাঙে সদৰী কৰে।
ইফালে ৮ নৱেম্বৰৰ খেলখনক লৈ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে কয়, ‘ষ্টেডিয়ামত প্ৰৱেশৰ বাবে চাৰিখন গেট থাকিব। মেচখনৰ বাবে আমি টিকটৰ ব্যৱস্থা কৰিছো। ভি আই পি টিকটৰ বাবে ১০০০, গেলেৰীৰ বাবে ১০০ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা ধাৰ্য কৰা হৈছে’।
৯ হেজাৰ আসনৰ ব্যৱস্থা থকা ষ্টেডিয়ামখনত ৰাতিপুৱা ৯ বজাৰ পৰাই টিকট দিয়া ব্যৱস্থা কৰা হ’ব বুলি সাধাৰণ সম্পাদক টেৰণে জানিবলৈ দিয়ে।
আনহাতে আজিৰ এই সংবাদ মেলত কাৰ্বি আংলং মৰ্নি ষ্টাৰ এফ চিৰ সভাপতি চেংকান ৰংহাঙৰ লগতে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।