DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮ নৱেম্বৰত কাৰ্বি আংলঙৰ নৱ নিৰ্মিত ষ্টেডিয়ামত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ আৰু বাংলাদেশৰ আছাডুজামানৰ মাজত প্ৰীতি ফুটবল

নংগী টেৰণ by নংগী টেৰণ
November 5, 2018 9:39 pm
CEM Tuliram Ronghang in the KASA stadium

ফটো : নৰ্থ-ইষ্ট নাও

317
VIEWS
Share on FacebookShare on Twitter

অহা ৮ নৱেম্বৰত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ নৱ নিৰ্মিত ফুটবল ষ্টেডিয়ামত কাৰ্বি আংলং মৰ্নিং এফ চি আৰু আছাডুজামান এফ চিৰ মাজত অনুষ্ঠিত হ’ব এখন প্ৰীতি ফুটবল মেচ। আজি এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তুলিৰাম ৰংহাঙে।

৮ নৱেম্বৰৰ মেচখনত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া উপস্থিত থাকিব বুলি জানিবলৈ দি তুলিৰাম ৰংহাঙে কয়, ‘কাৰ্বি আংলং ক্ৰীড়া সন্থাই নতুনকৈ নিৰ্মাণ কৰা ষ্টেডিয়ামখনত অহা ৮ নৱেম্বৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এখন ফুটবল মেচ অনুষ্ঠিত কৰা হৈছে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে’।

‘যুৱ প্ৰজন্ম যাতে ক্ৰীড়াৰ দিশত ধাৱমান হয় তাৰ বাবে আমি ক্ৰীড়া আন্তঃগাথনি উন্নয়নত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছো।  ক্ৰীড়াৰ জৰিয়তে বিশ্ববাসীৰ মাজত আমি কাৰ্বি আংলঙক চিনাকি দিব বিচাৰো’। এইদৰে কয় তুলিৰাম ৰংহাঙে।

আনহাতে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবলৰ উপৰি অন্যান্য ক্ৰীড়া কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত আন্তঃৰাজ্যিক আৰু অহা বৰ্ষৰ জানুৱাৰিত এখন আন্তঃজিলা পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ অনুদান সাপেক্ষে কাৰ্বি আংলঙৰে হানজাংলাংছোত আৰু এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি ৰংহাঙে সদৰী কৰে।

ইফালে ৮ নৱেম্বৰৰ খেলখনক লৈ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে কয়, ‘ষ্টেডিয়ামত প্ৰৱেশৰ বাবে চাৰিখন গেট থাকিব। মেচখনৰ বাবে আমি টিকটৰ ব্যৱস্থা কৰিছো। ভি আই পি টিকটৰ বাবে ১০০০, গেলেৰীৰ বাবে ১০০ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা ধাৰ্য কৰা হৈছে’।

৯ হেজাৰ আসনৰ ব্যৱস্থা থকা ষ্টেডিয়ামখনত ৰাতিপুৱা ৯ বজাৰ পৰাই টিকট দিয়া ব্যৱস্থা কৰা হ’ব বুলি সাধাৰণ সম্পাদক টেৰণে জানিবলৈ দিয়ে।

আনহাতে আজিৰ এই সংবাদ মেলত কাৰ্বি আংলং মৰ্নি ষ্টাৰ এফ চিৰ সভাপতি চেংকান ৰংহাঙৰ লগতে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd