ঘৰুৱা সমস্যা! স্বামী নথকাৰ অৱস্থাত নিজৰ তিনি সন্তানৰ প্ৰাণ ল’লে মহিলাই

দেওবাৰে নিশা কৰিমগঞ্জ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ তিনি কণমাণি সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ২৭ বছৰীয়া মহিলাৰ বিৰুদ্ধে।

ৰামকৃষ্ণ নগৰৰ ডলুগাং গাঁৱৰ বাসিন্দা ছাহাৰা বেগম নামৰ মহিলাগৰাকীয়ে তিনি সন্তানক হত্যা কৰাৰ লগতে নিজৰ কনিষ্ঠ ভগ্নী ছাৰমিনা বেগমকো হত্যাৰ চেষ্টা কৰে। তাৰপিছত অভিযু্ক্ত মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলায় যদিও সফল নহয়।

প্ৰাৰম্ভিক তদন্তৰ অনুসৰি ঘৰুৱা সমস্যাই আছিল এই অপৰাধৰ আঁৰৰ কাৰণ। ঘৰুৱা সমস্যাৰ বাবেই স্বামী নথকা অৱস্থাত ছাহাৰা বেগম নামৰ মহিলাগৰাকীয়ে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।

লগতে পঢ়কঃ জঘন্য! পত্নীৰ প্ৰাণ লৈ মৃতদেহৰ কাষতে নিশা কটালে সুৰাপায়ী স্বামীয়ে

এগৰাকী তদন্তকাৰী বিষয়াই কয়, ‘শিশুকেইটাক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দুৰ্ভাগ্যজনকভাৱে চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।”

ইফালে ছাহাৰা বেগমৰ কনিষ্ঠ ভগ্নী ছাৰমিনা বেগমৰ অৱস্থা সংকটজনক। ছাৰমিনা বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। 

আৰক্ষী বিষয়াসকলে জনোৱা মতে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে এজন কাৰ্যবাহী দণ্ডাধীশ তদন্তৰ বাবে সেই ঘটনাস্থলীত উপস্থিত হয়। তদন্তকাৰী সকলে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এখন কুঠাৰ উদ্ধাৰ কৰিছে।

তদন্তকাৰী দলে অভিযুক্ত আৰু ভুক্তভোগী উভয়ৰে কাপোৰৰ লগতে কুঠাৰৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনা ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) আৰু অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰি ছাহাৰা বেগমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়কঃ মক্কাৰ মছজিদ-এ-হাৰামৰ ওপৰ মহলাৰ পৰা আত্মহত্যাৰ প্ৰচেষ্টা ব্যক্তিৰ