‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ কাৰ্যালয় এৰি দীঘলীপুখুৰীৰ পাৰত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ

‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ অসম আন্দোলনৰ সময়ৰ এই শ্ল’গানেৰে  কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বুধবাৰে গুৱাহাটীৰ দিঘলীপুখুৰীৰ পাৰত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ভূপেন বৰুৱাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ সময়ৰে পৰাই বিৰোধিতা কৰি আহিছে।

ইয়াৰোপৰি ৰাইজৰ বৃহৎ স্বাৰ্থৰ কথা চিন্তা কৰিহে ইমান দিনে বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নমা নাছিল বুলি সদৰী কৰি বৰুৱাই কয় ‘যোৱা ৭ মে’ৰ দিনা অসমলৈ যুটীয়া সংসদীয় কমিটি অসমলৈ আহোতে এই বিলখনৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বিলখনে অসমীয়াক কেনেধৰণে ক্ষতি কৰিব তাৰ সবল যুক্তি দাঙি ধৰিছিলো।‘

‘সৰ্বানন্দ সোণোৱাল চৰকাৰে বিলখনৰ বিৰোধিতা কৰিব বুলি বহুদিন ধৈৰ্য্যৰে বাট চাই আছিলো, কিন্তু ধৈৰ্য্যৰ বান্ধ চিঙি যোৱাৰ ফলত এনেদৰে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছো।‘ এইদৰে মন্তব্য কৰে সভাপতি গৰাকীয়ে।

আনহাতে উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক ফকৰ উদ্দিন আহমেদে কয় ‘ৰাজ্য চৰকাৰখনে অসমৰ জাতি-জনগোষ্ঠীৰ প্ৰতিবাদ শুনিব বুলি আমি ভাবিছিলো। কিন্তু কাৰ্য্যক্ষেত্ৰত সেইটো হৈ নুঠিল। বৰঞ্চ জাতিধ্বংসী বিলখন গৃহীত কৰাবৰ বাবেহে তেওঁলোক উঠি-পৰি লগা দেখিবলৈ পোৱা গৈছে।‘

তাৰোপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰা পৰ্য্যন্ত আন্দোলন চলাই নিয়াৰো হুংকাৰ দিয়ে কৰ্মচাৰী পৰিষদে।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যজুৰি কৰ্মচাৰীসকল কাৰ্য্যালয় এৰি ৰাজপথত নমাৰ ফলত কাৰ্য্যালয়ৰ চৰকাৰী কাম-কাজসমূহ স্তব্ধ হৈ পৰে।