NORTHEAST NOW (Assamese)

সন্তানৰ আগমণ সুখকৰ নহ’ল! পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক হত্যা আৰক্ষী জোৱানৰ

November 8, 2023 8:50 pm · এন ই নাও নিউজ, গুৱাহাটী

অবৈধ প্ৰেমৰ সম্পৰ্কত থকাৰ সন্দেহত নিজ পত্নীক হত্যা কৰিছে এগৰাকী আৰক্ষী কনিষ্টবলে। এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ কনিষ্টবলগৰাকীয়ে ২৩০ কিলোমিটাৰ দূৰত্ব যাত্ৰা কৰি উপস্থিত হৈছিল পত্নীৰ পিতৃগৃহত আৰু তাতে ডিঙি চেপি হত্যা কৰে পত্নীক।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে কৰ্ণাটকত। পত্নী হত্যাৰ অভিযোগত অভিযুক্ত হৈছে কিশোৰ ডি নামৰ এগৰাকী কনিষ্টবল। চাঞ্চল্যকৰভাৱে, এই হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে অভিযুক্ত কিশোৰে কীটনাশক সেৱন কৰিছিল; যাৰ ফলশ্ৰুতিত এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰো।

প্ৰকাশিত খবৰ অনুসৰি, পিতৃগৃহত থকা পত্নী প্ৰতিভাক পৰকীয়া প্ৰেমৰ সম্পৰ্কত থকাৰ সন্দেহ কৰিছিল কিশোৰে। এই সন্দেহৰ বাবেই কিশোৰে প্ৰায়ে প্ৰতিভাৰ মোবাইলৰ মেছেজ আৰু কল ৰেকৰ্ডসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰিছিল।

কেৱল সিমানেই নহয়, পত্নী প্ৰতিভাৰ সৈতে যোগাযোগ কৰা প্ৰতিজন ব্যক্তিৰ বিষয়ে অনুসন্ধানো কৰিছিল কিশোৰে। অভিযুক্ত কিশোৰৰ দাবী, কলেজীয়া দুজনমান পুৰুষ বন্ধুৰ সৈতে প্ৰতিভাৰ আছিল তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক।

উল্লেখ্য যে, ২০২২ চনৰ ১৩ নৱেম্বৰত কিশোৰ আৰু প্ৰতিভাৰ বিবাহ সম্পন্ন হৈছিল। মাত্ৰ ১১ দিন পূৰ্বে এটি সন্তান লাভ কৰিছিল দম্পতীহালে। সন্তান প্ৰসৱৰ পিছতে প্ৰতিভা পিতৃগৃহলৈ গৈছিল। যোৱা দেওবাৰে কিশোৰে সন্দেহৰ আধাৰতে প্ৰতিভাক ফোনত গালি-গালাজ কৰিছিল।

এনে ব্যৱহাৰৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিভা ভাগি পৰা দেখি তেওঁৰ মাতৃয়ে নৱজাতকৰ স্বাস্থ্যৰ ওপৰত পৰিব পৰা বিৰূপ প্ৰভাৱৰ দোহাই দি ফোনটো বিচ্ছিন্ন কৰি দিয়ে। ইফালে সোমবাৰে পুৱাও কিশোৰে প্ৰায় ১৫০ বাৰ ফোন কৰে প্ৰতিভালৈ।

কিন্তু ফোনত কোনো উত্তৰ লাভ নকৰি খঙতে কিশোৰ পত্নীৰ ওচৰত উপস্থিত হয় আৰু তাৰ পিছতে পত্নী প্ৰতিভা আৰু তেওঁলোকৰ নৱজাতকৰ থকা কোঠাটোত সোমাই দুৱাৰ বন্ধ কৰি প্ৰতিভাক দুপাট্টাৰে ডিঙি চেপি হত্যা কৰে।

প্ৰায় ১৫ মিনিটৰ পাছত কিশোৰ কোঠাটোৰ পৰা ওলাই আহি পত্নীক হত্যা কৰা বুলি চিঞৰি সেই স্থানৰ পৰা পলায়ন কৰে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বিচাৰ-খোচাৰ কৰি কিশোৰক কৰায়ত্ব কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাকাণ্ডৰ পূৰ্বে কিশোৰে প্ৰথমে কীটনাশক সেৱন কৰিছিল। বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰ।চিকিৎসালয়ৰ পৰা ওলালেই কিশোৰক জিম্মাত লোৱা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Related News