ইউনিফৰ্মৰ নিৰ্দেশনা ধৰ্মনিৰপেক্ষ; উচ্চতম ন্যায়ালয়ত হিজাব নিষিদ্ধ সম্পৰ্কত যুক্তি কৰ্ণাটক চৰকাৰৰ

Hijab ban order religion neutral মুছলমান দেশসমূহতো হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। এইটোৱে প্ৰমাণ কৰে যে ইছলামত হিজাব বাধ্যতামূলক নহয়। কৰ্ণাটক চৰকাৰে হিজাবৰ ওপৰত নিষেধাজ্ঞা বিচাৰি উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াইছে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মঙলবাৰে শীৰ্ষ আদালতত কৰ্ণাটক চৰকাৰৰ হৈ উপস্থিত হয়। তেওঁ কয়, “পৃথিৱীত এনে বহুতো দেশ আছে যিবোৰ সাংবিধানিকভাৱে ইছলামিক দেশ। তাতো হিজাবৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছে।”

লগতে পঢ়ক: India vs Australia: টী-২০ বিশ্বকাপৰ পূৰ্বে বলিং ব্যৰ্থতা; ২০৮ ৰাণ কৰিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত টীম ইণ্ডিয়া

উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ দ্বাৰা গঢ়িত বিচাৰপীঠে তুষাৰ মেহতাক সুধিছিল যে তেওঁ কোনখন দেশৰ কথা কৈছে। ইয়াৰ প্ৰত্যুত্তৰত কৰ্ণাটক চৰকাৰে কয়, “ইৰাণত প্ৰতিবাদ হৈছে। গতিকে হিজাব অত্যাৱশ্যকীয় নহয়। কোৰাণত উল্লেখ থকা মানেই সেইটো অত্যাৱশ্যকীয় হ’ব নোৱাৰে। হ’ব পাৰে ই অনুমোদিত বা আদৰ্শ আচৰণত পৰে।‘’

মেহতাই কয় যে কৰ্ণাটক চৰকাৰৰ শিক্ষা খণ্ডত ধৰ্মীয় পোছাক নিষিদ্ধ কৰাৰ নিৰ্দেশ কোনো ধৰ্ম বা লিংগৰ বাবে নিৰ্দিষ্ট নহয়। এইটো কোৱা হৈছে যে কোনো ধৰ্মীয় পোছাক পিন্ধিব নোৱাৰি। কেৱল হিজাবেই নহয় গেৰুৱা শ্বলো শিক্ষানুষ্ঠানসমূহত নিষিদ্ধ কৰা হৈছে।

মোকৰ্দমাকাৰীসকলৰ হৈ উপস্থিত থকা দুষ্মন্ত ডাভেই কৰ্ণাটক চৰকাৰৰ যুক্তিৰ বিৰুদ্ধে প্ৰশ্ন কৰে। তেওঁ কয়, “এইটো কোনোমতেই সাৰ্বজনীন কথা নহয়। এইটো সংখ্যালঘুসকলক একাষৰীয়া কৰাৰ এটা ইচ্ছাকৃত প্ৰয়াস।‘’

লগতে পঢ়ক: সৰ্বত্ৰ ধিক্কাৰ! দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব, তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে

উল্লেখ্য যে যোৱা ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। তেতিয়াৰ পৰাই হিজাব বিষয়টোক লৈ ৰাজ্যখনত প্ৰতিবাদ চলি আছে। বিশেষকৈ উদুপী জিলাত প্ৰতিবাদৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সংঘাতৰ ৰূপ লৈছিল। প্ৰতিবাদৰ বাবে কৰ্ণাটক চৰকাৰে কেইবাদিনো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰাখিব লগা হৈছিল।