• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India vs Australia: টী-২০ বিশ্বকাপৰ পূৰ্বে বলিং ব্যৰ্থতা; ২০৮ ৰাণ কৰিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত টীম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2022 7:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Australia chase down 209 to beat India টী-২০ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰস্তুতি ভালদৰে আৰম্ভ নহ’ল। মোহালিত এক বৃহৎ ৰাণ কৰিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হ’ল ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়া। মঙলবাৰে খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে ২০৮ ৰাণ সংগ্ৰহ কৰে। লোকেশ ৰাহুল নিজৰ ছন্দলৈ উভতি আহিছে। তেওঁ ৫৫ ৰাণ সংগ্ৰহ কৰে। শেষত হাৰ্দিক পাণ্ডিয়াই বিধ্বংসী বেটিং কৰে। তেওঁ মাত্ৰ ৩০ টা বলত ৭১ ৰাণ কৰি অপৰাজিত থাকে। কিন্তু তাৰ পাছতো বিজয় সাৱ্যস্ত নহ’ল।

অষ্ট্ৰেলিয়াই আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক বেটিং কৰি ৰাণ অনুসৰণ কৰিছিল। ভাৰতীয় বলাৰসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয় । অক্ষৰ পেটেলৰ বাহিৰে কোনো বলাৰে ছাপ পেলাব নোৱাৰিলে। ফলস্বৰূপে ৰোহিত বাহিনী পৰাজিত হৈ খেলপথাৰ এৰিব লগা হ’ল।

Apply Now

টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতৰ আৰম্ভণি ভাল নাছিল। ৰোহিত শৰ্মা মাত্ৰ ১১ ৰাণত আউট হয়। এছিয়া কাপত শতক অৰ্জন কৰা বিৰাট কোহলীয়েও ৰাণ লাভ কৰা নাছিল। তেওঁ সাতটা বলত দুই ৰাণ কৰি পেভিলিয়নলৈ উভতিছিল। দুটা উইকেটৰ পতনৰ পিছত ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱে এটা পাৰ্টনাৰশ্বিপ গঢ়ে। ৰাহুলে এছিয়া কাপত ৰাণ নাপালে যদিও দেশৰ মাটিত ছন্দ ঘূৰাই পালে। তেওঁ সূৰ্যকুমাৰৰ সৈতে দলটোক আগুৱাই নিছিল। দুয়োজনে একেলগে ৬৮ ৰাণ যোগ দিয়ে। ৰাহুলে মাত্ৰ ৩২ টা বলত অৰ্ধশতক অৰ্জন কৰে। তাৰপিছতে তেওঁ ৫৫ ৰাণত আউট হয়।

আনটো মূৰত থকা সূৰ্যকুমাৰেও ভাল খেলিছিল। তেওঁ খেলপথাৰৰ চাৰিওফালে শ্বটবোৰ খেলিছিল। কিন্তু সূৰ্যকুমাৰ ৪৬ ৰাণত পেভলিয়নমুখী হয়। অক্ষৰ পেটেল আৰু দিনেশ কাৰ্তিকেও ৰাণ কৰিব নোৱাৰিলে।

হাৰ্দিকে ভাৰতৰ ইনিংছৰ দায়িত্ব লয়। তেওঁ প্ৰতিটো অভাৰত বিশাল শ্বট খেলি আছিল। হাৰ্ডিকে মাত্ৰ ২৫ টা বলত অৰ্ধশতক অৰ্জন কৰে। তেওঁ ইনিংছ শেষ কৰিহে উভতি আহে। সোঁহতীয়া অলৰাউণ্ডাগৰাকীয়ে শেষৰ তিনিটা বলত তিনিটা ছয় মাৰে। তেওঁ মুঠতে ৩০ টা বলত ৭১ ৰাণ কৰি অপৰাজিত হৈ থাকে।

এনে লাগিছিল যে অষ্ট্ৰেলিয়াৰ বাবে ২০৯ ৰাণ অনুসৰণ কৰাটো সহজ নহ’ব। কিন্তু আৰম্ভণিৰ পৰাই অষ্ট্ৰেলিয়াৰ দুই অপেনাৰ ফিঞ্চ আৰু গ্ৰীনে আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। গ্ৰীণ তেওঁৰ দ্বিতীয় টী-২০ত ভয়ংকৰ হৈ পৰিছিল। তেওঁ পাৱাৰপ্লে’ত প্ৰতি অভাৰত ১০ ৰাণকৈ সংগ্ৰহ কৰি আছিল।

অক্ষৰে অষ্ট্ৰেলিয়াক প্ৰথম আঘাত দিছিল। তেওঁ ফিঞ্চক ২২ ৰাণত ব’ল্ড কৰে। গ্ৰীনে স্মিথৰ সৈতে লগ লাগি ভাৰতীয় বলিঙৰ সৈতে খেল অব্যাহত ৰাখিছিল।

গ্ৰীনে মাত্ৰ ২৬ টা বলত অৰ্ধশতক অৰ্জন কৰে। অৱশ্যে গ্ৰীনক ভাৰতীয় ফিল্ডাৰসকলেও সহায় কৰিছিল। অক্ষৰে তেওঁৰ কেচটো পেলাই দিয়ে।

এটা সময়ত এনে লাগিছিল যে গ্ৰীনে খেলখন ভাৰতৰ হাতৰ পৰা আঁতৰাই নিব। তেতিয়াই অক্ষৰে ভাৰতক খেললৈ ঘূৰাই আনিছিল। এইবাৰ কোহলীয়ে কেচটো মিছ কৰা নাছিল। গ্ৰীনে ৬১ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। তেওঁ আউট হোৱাৰ পিছত ৰাণৰ গতি অলপ মন্থৰ হৈ পৰিছিল।

তাৰপিছতে উমেশ যাদবে অষ্ট্ৰেলিয়াক মোক্ষম আঘাত হানে। তেওঁ স্মিথ আৰু মেক্সৱেলক এটা অভাৰতে ঘূৰাই পঠিয়ায়। দুয়োটা ক্ষেত্ৰতে আম্পায়াৰে প্ৰথমতে আউট দিয়া নাছিল। ৰিভিউ কৰাৰ পিছত দেখা গৈছিল যে বেটছমেনসকল দুয়োটা ক্ষেত্ৰতে আউট হৈছিল। চাৰিটা উইকেটৰ পতনৰ পিছত অষ্ট্ৰেলিয়া কিছু চাপত পৰে। জছ ইংলিছ আৰু টিম ডেভিদ ক্ৰীজলৈ আহে। ইংলিছে কেইটামান ডাঙৰ শ্বট খেলে। কিন্তু অক্ষৰে তেওঁৰ অন্তিমটো অভাৰত ইংলিছক আউট কৰে। বাওঁহাতীয়া স্পিনাৰগৰাকীয়ে চাৰি অভাৰত মাত্ৰ ১৭ ৰাণত তিনিটা উইকেট দখল কৰে।

কিন্তু তেতিয়াও খেল বাকী আছিল। অৱশেষত মেথিউ ৱেডে এটা দুৰ্দান্ত ইনিংছ খেলে। ডেভিডে তেওঁক সংগ দিয়ে। ভাৰতৰ ডেথ অভাৰ বিশেষজ্ঞ হৰ্ষলৰ বাবে দিনটো ভাল নাছিল। তেওঁৰ এটা অভাৰতে ৱেডে দুটা আৰু ডেভিডে এটা ছয় মাৰে। এটা অভাৰত আহে ২২ ৰাণ। তাতেই খেলখন ভাৰতৰ হাতৰ পৰা ওলাই যায়। অৱশেষত ৱেডে ২১ টা বলত ৪৫ ৰাণ কৰি অপৰাজিত হৈ থাকে আৰু অষ্ট্ৰেলিয়াৰ বিজয় নিশ্চিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd