কাজিয়াৰ সময়ত “অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয়”; অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে

প্ৰতিনিধিত্বমূলক ফটো।

পুৰণি শত্ৰুতাক লৈ তুমুল কাজিয়া। সেই সময়ত এজনে আনজনৰ অণ্ডকোষত চেপি ধৰিছিল। দ্বিতীয়জন ব্যক্তি গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল। আদালতত উত্থাপন কৰা হয় এই গোচৰ। নিম্ন আদালতে অভিযুক্তক ‘হত্যাৰ চেষ্টা’ত দোষী সাব্যস্ত কৰে।

কিন্তু কৰ্ণাটক উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে কাৰোবাৰ অণ্ডকোষ চেপি ধৰিলে ‘গুৰুতৰ আঘাত’ হ’ব পাৰে যদিও ইয়াক ‘হত্যাৰ চেষ্টা’ বুলি ক’ব নোৱাৰি। এই যুক্তিৰ আধাৰত ন্যায়াধীশৰ একক বিচাৰপীঠে অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে।

লগতে পঢ়ক: ভৰ দুপৰীয়া মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল Uber; কিন্তু কিয় জানেনে?

২০১০ চনত এই ঘটনা সূত্ৰপাত হৈছিল। দুয়োজন ব্যক্তিৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। স্থানীয় উৎসৱৰ শোভাযাত্ৰাৰ সময়ত তেওঁলোকৰ মাজত নতুন কাজিয়াৰ সৃষ্টি হয়। সেই সময়ত এজনে আনজনৰ অণ্ডকোষত চেপি ধৰে। আনজন গুৰুতৰভাৱে আহত হয়।

আঘাত ইমানেই বেছি আছিল যে তেওঁক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। আনকি তেওঁৰ বাওঁ অণ্ডকোষটোও আঁতৰাই পেলাব লগা হয়। এই গোচৰত নিম্ন আদালতত গোচৰটো উত্থাপন কৰা হৈছিল। হত্যাৰ চেষ্টাকে ধৰি একাধিক অভিযোগত অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। তেওঁক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

লগতে পঢ়ক: দিল্লীত গাড়ী ৰখাই মূৰত বন্দুক থৈ মাত্ৰ ৩৮ ছেকেণ্ডতে লুটি নিলে লক্ষাধিক টকা; চাওক ভিডিঅ’

তাৰ পিছত নিম্ন আদালতত দোষী সাব্যস্ত হোৱা ব্যক্তিজনে কৰ্ণাটক উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে। সকলো প্ৰমাণ পৰীক্ষা কৰাৰ পিছত ন্যায়াধীশ কে নটৰাজনে পৰ্যবেক্ষণ কৰে যে অণ্ডকোষ নিশ্চিতভাৱে শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। আনকি, অণ্ডকোষৰ আঘাতৰ চিকিৎসা নকৰিলে ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে। কিন্তু এই গোচৰত চাৰিওফালৰ পৰিস্থিতিৰ পৰা স্পষ্ট যে আবেদনকাৰীয়ে ব্যক্তিজনক হত্যাৰ উদ্দেশ্যেৰে তেওঁৰ অণ্ডকোষ চেপি ধৰা নাছিল। তেওঁৰ লগত কোনো অস্ত্ৰ নাছিল। ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে, “অণ্ডকোষ চেপি ধৰাটো ‘হত্যাৰ প্ৰচেষ্টা’ নহয়”।