এইবাৰ কৰ্ণাটকৰ হুবল্লীত অতুল সুভাষ কাণ্ডৰ ছাঁ দেখা গৈছে। পত্নীৰ মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি স্বামীৰ আত্মহত্যা। তেওঁ ছুইচাইড নোটত লিখিছে, “মোৰ পত্নীয়ে মোৰ মৃত্যু বিচাৰিছে।” মৃতকৰ নাম পিটাৰ গোল্লাপল্লী।
দেওবাৰে নিশা প্ৰায় ১২:৩০ বজাত গীৰ্জাৰ পৰা উভতি অহাৰ পিছত ভাতৃ জোৱেলে পিটাৰৰ ওলমি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে। পৰিয়ালটোৱে অভিযোগ কৰে যে বিগত তিনিমাহ ধৰি পিটাৰ আৰু তেওঁৰ পত্নীৰ মাজত দাম্পত্য বিবাদ চলি আছিল। মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই পিটাৰে আত্মহত্যা কৰে।
সূত্ৰসমূহৰ মতে, পিটাৰে চুইচাইড নোটখনত লিখিছে, “ডেডী, আই এম ছ’ৰী।” পত্নী পিংকিয়ে মোক হত্যা কৰিছে। মোৰ মৃত্যু বিচাৰে। তেওঁৰ নিৰ্যাতনৰ বাবেই মই এই সিদ্ধান্ত লৈছো।”
পিটাৰৰ ভাতৃ জোৱেলে অভিযোগ কৰে যে তেওঁৰ ককায়েকে দুবছৰ পূৰ্বে ফিবি ওৰফে পিংকিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিগত তিনিমাহ ধৰি ঘৰুৱা অশান্তিৰ সৃষ্টি হৈছিল। বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু হৈছিল। সেই গোচৰটো এতিয়াও চলি আছে। ২০ লাখ টকা ক্ষতিপূৰণৰ দাবী জনাইছিল পিংকিয়ে। জোৱেলে লগতে দাবী কৰে যে এই বিষয়টোক লৈ তেওঁৰ ককায়েক বহুত মানসিক চাপত ভুগিছিল।
ইপিনে, পিটাৰৰ পিতৃ ওবায়াই অভিযোগ কৰে যে পিংকিৰ দাবী পূৰণ কৰি কৰি তেওঁৰ পুত্ৰ অতিষ্ঠ হৈ পৰে। তেওঁ অভিযোগ কৰে যে, “মোৰ পুত্ৰই পত্নীৰ নিৰ্যাতনৰ বাবে আত্মহত্যা কৰিলে। ছুইচাইড নোটতো উল্লেখ কৰিছে। আৰক্ষীয়ে সেই নোট পাইছে। পিংকিয়ে মাজে মাজে পিতৃৰ ঘৰলৈ গুচি যায়। কৈছিল পুত্ৰ মৰি গ’লেও হেনো তেওঁ ঘূৰি নাহে। বিবাহ বিচ্ছেদৰ গোচৰত ২০ লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিছিল।”
তেওঁৰ পিতৃয়ে লগতে অভিযোগ কৰে যে অফিচৰ বৈঠকৰ সময়ত পত্নীৰ সৈতে হোৱা উত্তপ্ত কাজিয়াৰ বাবে পিটাৰে চাকৰিও হেৰুৱাইছিল।
পিটাৰৰ পত্নী পিংকিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০৮ ধাৰাত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত হুবল্লীৰ অশোকনগৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চুইচাইড নোটৰ তদন্ত অব্যাহত আছে। অভিযুক্ত পিংকি আৰু পিতৃৰ পৰিয়ালৰ লোকক জেৰা কৰিব পাৰে।
উল্লেখ্য যে বেংগালুৰুৰ অভিযন্তা অতুল সুভাষৰ মৃত্যুৱে সমগ্ৰ দেশ কঁপাই তুলিছিল। পত্নী আৰু শহুৰেকৰ পৰিয়ালৰ মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’ মেছেজ দি তেওঁ আত্মহত্যা কৰে। সেই ঘটনাৰ যেন পুনৰাবৃত্তি কৰ্ণাটকৰ হুব্বল্লীত দেখা গ’ল।