NORTHEAST NOW (Assamese)

দিন-ৰাতি মদ খাই মাৰপিট! শুই থকা স্বামীৰ দেহ দুটুকুৰা কৰিলে পত্নীয়ে

January 3, 2025 4:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 3, 2025 4:20 pm

মহিলাগৰাকীয়ে স্বামীক হত্যা কৰি মৃতদেহ দুটুকুৰা কৰি পেলায়। ইয়াৰ পাছত তেওঁ মৃতদেহটো কুঁৱাৰ পানীত পেলাই দিয়ে! প্ৰায় এমাহৰ পাছত আৰক্ষীয়ে হত্যাকাণ্ডৰ সমাধান কৰে। মৃতকৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আৰক্ষীৰ জেৰাত অপৰাধ স্বীকাৰ কৰা বুলি দাবী কৰে।

কৰ্ণাটকৰ বেলাগাৱী জিলাৰ উমাৰণি গাঁৱৰ ঘটনা। মৃতকৰ নাম শ্ৰীমন্ত ইতনালি। যোৱা ১০ ডিচেম্বৰত আৰক্ষীয়ে গাঁৱৰ কুঁৱাৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতকৰ পত্নীক কেইবাবাৰো জেৰা কৰা হয়। কিন্তু তেওঁ প্ৰথমে ভুল তথ্য দি তদন্তকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে। পিছত আৰক্ষীয়ে স্বীকাৰোক্তি ললে। মহিলাগৰাকীয়ে তেওঁলোকক কয় যে তেওঁক বছৰ বছৰ ধৰি স্বামীয়ে নিৰ্যাতন কৰি আহিছিল। স্বামীয়ে দিনে নিশাই মদ খাই মাৰপিট কৰিছিল। মাটি বিক্ৰী কৰিবলৈও চেষ্টা কৰিছিল। সেয়ে খঙত হত্যা কৰিলে।

আৰক্ষীৰ মতে, ৮ ডিচেম্বৰত বৈবাহিক বিবাদৰ পাছত মহিলাগৰাকীয়ে স্বামীক হত্যা কৰিছিল। মাটি বিক্ৰীক লৈ তেওঁলোকৰ মাজত বিবাদ হৈছিল। অভিযোগ অনুসৰি, ব্যক্তিজনে মাটি বিক্ৰীৰ ধনেৰে এখন নতুন বাইক কিনিব বিচাৰিছিল। পত্নীয়ে মান্তি নহল। লগতে মদ খাই পত্নীক প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

মহিলাগৰাকীয়ে স্বামী টোপনি আহিলেই হত্যা কৰাৰ পৰিকল্পনা কৰে। যেতিয়া ব্যক্তিজন অচেতন হৈ পৰে তেতিয়া তেওঁলোকে তেওঁৰ মূৰত এটা ডাঙৰ শিলৰে আঘাত কৰে। স্বামীক হত্যা কৰাৰ পাছত মহিলাগৰাকীয়ে শিলটো কুঁৱাটোত পেলাই দিয়ে। ইয়াৰ পাছত স্বামীৰ মৃতদেহটো দুটুকুৰাকৈ কাটি দিয়া হল। সেই কুঁৱাটোত পেলাই দিলে।

প্ৰায় এমাহৰ পাছত বৃহস্পতিবাৰে আৰক্ষীৰ জেৰাৰ সময়ত মহিলাগৰাকীয়ে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। জেৰা চলি আছে। তদন্তকাৰীয়ে জানিবলৈ চেষ্টা কৰিছে যে তেওঁ কিয় আৰু কি পৰিস্থিতিত এই হত্যাকাণ্ড সংঘটিত কৰিছিল, ইয়াৰ আঁৰত আন কোনো কাৰণ আছিল নেকি।

Related News