কাশী-বিশ্বনাথ প্ৰকল্প: বাৰনসীত পুনৰ প্ৰাণ পাই উঠিল ৪০ টাকৈ লুপ্তপ্ৰায় ঐতিহাসিক স্থানে

উপযুক্ত সংৰক্ষণৰ অভাৱতে দেশৰ বহু ঐতিহাসিক সমল কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ ব্যতিক্ৰম ঘটা নাই বাৰনসীৰ কাশী বিশ্বনাথ মন্দিৰতো।

কাশী বিশ্বনাথ মন্দিৰৰ ধ্বংসৰ গ্ৰাসত পৰা ৪০ টাকৈ ঐতিহাসিক সমল পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

সেইমৰ্মে গ্ৰহণ কৰা হৈছে কাশী বিশ্বনাথ প্ৰকল্প। এই প্ৰকল্পৰ অধীনত পুৰণি ঐতিহ্যৰ সংৰক্ষণৰ লগতে যাত্ৰীৰ সুবিধাৰ্থে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিলে কাশী বিশ্বনাথ ধাম প্ৰকল্পৰ প্ৰথম পৰ্যায়।

৩৩ মাহ পূৰ্বে ৩৩৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা কাশী বিশ্বনাথ ধাম প্ৰকল্প আজি মোদীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰে।

মোদীয়ে আজি কাশী বিশ্বনাথ প্ৰকল্পৰ অধীনৰ ২৩ টা ভৱন মুকলি কৰে।মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্ত সকলে এই ভৱন সমূহত থাকিব পাৰিব। মোদীয়ে আজি মুকলি কৰা ভৱন সমূহৰ ভিতৰত আছে যাত্ৰী নিৱাস, বৈদিক কেন্দ্ৰ, পৰ্যটকৰ বাবে তথ্য কেন্দ্ৰ, সংগ্ৰহালয়, ভোগ ঘৰ, যাত্ৰীৰ জিৰণি চৰা আদি।

এই প্ৰকল্পৰ অধীনতে কাশীৰ ৪০ টাকৈ ধ্বংসৰ গৰাহত পৰা পৌৰাণিক মন্দিৰ পূৰ্বৰ আৰ্হিতে পুনৰ নতুন ৰূপত সজাই তোলা হৈছে।

প্ৰকল্প উদ্বোধনী অনুষ্ঠানত আজি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আদিৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।