NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত অব্যাহত এনকাউণ্টাৰ: নিৰুদ্দেশ এগৰাকী সেনা জোৱান, দুই জোৱান আহত

September 15, 2023 5:20 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অব্যাহত আছে সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। ৫০ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই সংঘৰ্ষত ইতিমধ্যে তিনিগৰাকী সেনা-আৰক্ষী বিষয়াই প্ৰাণ হেৰুৱাইছে।

শেহতীয়া খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰে সংঘৰ্ষৰ সময়ত সংঘৰ্ষস্থলীত নিৰুদ্দেশ হৈছে এগৰাকী জোৱান। তদুপৰি দুগৰাকী দুজন জোৱান সংঘৰ্ষত আহত হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা ১২-১৩ ছেপ্টেম্বৰৰ নিশা সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক যৌথ অভিযান আৰম্ভ কৰিছিল।

অভিযানৰ সময়ত নিহত হয় সেনাবাহিনীৰ দুজন আৰু এজন আৰক্ষীকে ধৰি তিনিজন বিষয়া।

সন্ত্ৰাসবাদীৰে সংঘৰ্ষত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোঞ্চক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-অধীক্ষক হিমানুন ভাটৰ মৃত্যু হয়।

Related News