• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধান সভাত পত্নীৰ ভূমি কেলেংকাৰীৰ সম্পৰ্কে উত্তৰ দিয়ক – মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 5:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে অসম বিধান সভাৰ সদনৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

বিধান সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সাংবাদিকৰ আগত অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় – “ আজি বিধান সভা অধিৱেশন শেষৰটো দিন। হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে আজি বিধান সভালৈ আহি নিজৰ পত্নীৰ মাটি কেলেংকাৰীৰ বিষয়ে প্ৰশ্নৰ মুখামুখি হওক আৰু আমাক উত্তৰ দিয়ক।” 

Apply Now

কেৱল এয়াই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ টেলিভিশ্যন চেনেলটোও দুই নম্বৰী বুলি অভিযোগ উত্থাপন কৰি কয় যে আপোনাৰ পত্নীৰ টিভি চেনেলটো দুই নম্বৰী বুলি মই কেতিয়াবাও প্ৰমাণ কৰি থৈছোঁ। সেই চেনেল দুই নম্বৰী টকাৰে প্ৰতিষ্ঠা কৰা। সেই চেনেলে এতিয়া কলা টকা বগা কৰিবৰ বাবে এফালৰ পৰা দুই নম্বৰী কাম কৰি আছে। 

“হিমন্ত বিশ্ব শৰ্মাই অসম ভূমি আইন তথা চিলিং এক্ট ভংগ কৰিছে, খেতিয়কৰ মাটি দখল কৰিছে। জোৰ জবৰদস্তি কৰি, ভয় ভাবুকি দি, পুলিচৰ শক্তি দেখুৱাই এই মাটি দখল কৰিছে বুলি আমি জানিব পাৰিছোঁ। মই এজন দায়িত্বশীল বিধায়ক হিচাপে এই অভিযোগ উত্থাপন কৰিছোঁ আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে তেন্তে বিধান সভাত আমাৰ সন্মুখীন হওঁক, ভয়াতুৰৰ দৰে বাহিৰত বেলেগ বেলেগ কথা কৈ থাকিলে নহ’ব।” – লগতে অখিল গগৈয়ে কয়।  

ইয়াৰ লগতে অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ আয় বৃদ্ধি কৰিবৰ বাবে প্ৰৱৰ্ত্তন কৰা আঁচনিৰ ৰাজসাহাৰ্য্য লৈছে বা হিতাধিকাৰী হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ হেনো ৰাজসাহাৰ্য্যৰ টকা পোৱা নাই। ৰাজসাহাৰ্য্য বা চাবচিডিৰ টকা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ঘৰলৈ আহি নাযায়। এই পইচা প্ৰথমে অনুমোদন হয়।  তাৰপিছত সেই পইচা ঋণৰ দ্বাৰা মাফ হয়। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য্য বা চাজচিডিৰ বাবে আবেদন কৰিছিল। যদি আবেদন নকৰাকৈ এই সাহাৰ্য্য অনুমোদন দিছে তেন্তে বিভাগীয় মন্ত্ৰী পীযূষ গোৱেলক গ্ৰেপ্তাৰ কৰিব লাগে।’’ 

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেখেতৰ পত্নীয়ে ১০ কোটি টকা ৰাজসাহাৰ্য্য লোৱা কথা তথ্য সহকাৰে প্ৰমাণ কৰি দিলে তেওঁ ৰাজহুৱা জীৱন বা ৰাজনীতি ত্যাগ কৰিব। ইয়াৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি ত্যাগ কৰিবই নোৱাৰে। কাৰণ ৰাজনীতিয়েই হ’ল তেখেতৰ জীৱিকা। ৰাজনীতি কৰিয়েই তেওঁ লুটিছে, ৰাজনীতি কৰিয়েই তেওঁ খাইছে। অসমৰ ৰাজনৈতিক ইতিহাসত মাত্ৰ এজনেই ব্যক্তি আছে যি নিজৰ ৰাজনৈতিক কেৰিয়াৰটোক কেৱল নিজৰ পৰিয়ালৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰি আহিছে।  তেওঁ চাহ বাগানৰ মাটিৰ দাম কমাইছে কাৰণ তেওঁ চাহ বাগিছাৰ মাটি ক্ৰয় কৰি আছে। চাহ বাগিছাৰ ১০ শতাংশ মাটি পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিয়ম বনাইছে, কাৰণ তেওঁ কাঞ্চনজুৰিত ৰিজৰ্ট নিৰ্মাণ কৰি আছে। অসম কেবিনেট বা বিধান সভাৰ এখন এখন আইন তেখেতৰ নিজৰ পৰিয়ালৰ স্বাৰ্থত অনুমোদন জনাই আছে।” 

“এতিয়া গাঁওবোৰত এটা কথাৰ বাবে মানুহে ভয় খাই আছে। খালী মাটি দেখিলেই মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটিবোৰ লৈ ল’ব বুলি গাঁৱৰ মানুহ বোৰে ভয় খাই আছে।” – লগতে এইদৰে কয় বিধায়ক অখিল গগৈয়ে। 

ইয়াৰ উপৰিও অখিল গগৈ, সাংসদ গৌৰৱ গগৈ আৰু বিভিন্ন বিৰোধী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ ভূমি কেলেংকাৰী আৰু সম্পত্তিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd