কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিস্কাৰ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ

index.jpg3

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপূৰ্ণ এনিমেল কৰিড’ৰ হ’ল পাণবাৰী এনিমেল কৰিড’ৰ৷

বানপানীৰ সময়ত এই এনিমেল কৰিডৰেদি কাজিৰঙাৰ বন্যপ্ৰাণীয়ে দক্ষিণ দিশৰ কাৰ্বি আংলংৰ পাহাৰলৈ গতি কৰে৷

শেহতীয়া বানতো কাজিৰঙা সহস্ৰাধিক বন্যপ্ৰাণীয়ে পাণবাৰীৰ কৰিডৰেদিয়েই কাৰ্বি পাহাৰলৈ যাত্ৰা কৰিছে৷ গুৰুত্বপূৰ্ণ এই কৰিডৰটোৰে যোৱা ৩৭ৰাষ্ট্ৰীয় পথেৰে দিনৌ সহস্ৰাধিক বাহনে উজনি আৰু নামনিলৈ গতি কৰে৷

এই যানবানৰ একাংশ যাত্ৰীয়ে যোৱা প্লাষ্টিকৰ বটল, চিপৰ পেকেট, গুটকাকে ধৰি বিভিন্ন সামগ্ৰী পেলায় ইতিমধ্যেই এই কৰিডৰটো প্ৰদূষিত কৰিছে৷

আজি পুৱা বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সমাজ সেৱা বাহিনীৰ এটা দলে এনিমেল কৰিড’ৰটোৰ এই আৱৰ্জনা বোৰ আঁতৰাই কৰিডৰটো পৰিস্কাৰ কৰে৷

এই উপলক্ষে পাণবাৰীত থকা খণ্ড বন শিৱিৰৰ সমীপতে আয়োজিত এই ৰিশেষ অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙা ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিক ভাৱে আজিৰ এই পুৰস্কাৰ অভিযানৰ শুভাৰম্ভ কৰে৷

কাজিৰঙাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ গৱেষণা বিষয়া ৰবান্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া দিপাংকৰ দেৱ , প্ৰকৃতিবিদ বিতোপন কলংৰ লগতে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ প্ৰৱক্তা প্ৰাশান্ত শইকীয়া উপস্থিত থাকে৷

অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈ আৰু ৰবীন্দ্ৰ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ পানবাৰী এনিমেল কৰিড’ৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত্ব বিৱৰণ দাঙি ধৰে৷

উদ্বোধনৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে মাস্ক আৰু হাতমোজা পৰিধান কৰি এনিমেল কৰিডৰটোৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশৰ দুয়ো কাষৰ আৱৰ্জনা পৰিস্কাৰ কৰে৷