• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীৰ বাবে সাজু কাজিৰঙা, বিশেষ সভা উদ্যান-বোকাখাত মহকুমা প্ৰশাসনৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 23, 2019 7:14 pm
Kaziranga national park ready for dealing with flood this monsoon

কহঁৰাৰ বিশেষ সভাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ বানপানীৰ মোকামিলা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাত মহকুমা প্ৰশাসনে৷

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে উদ্যানখনত সৃষ্টি কৰা সমস্যা মোকাবিলাৰ উপায় নিৰ্ধাৰণৰ উদ্দেশ্যে ২২ এপ্ৰিলত উদ্যান কৰ্ত্তৃপক্ষৰ উদ্যোগত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়।

কহঁৰাস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত বন বিভাগৰ বিষয়া-কৰ্মী, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি, আৰক্ষী, মহকুমা প্ৰশাসন, গাওঁবুঢ়া আদিৰ উপস্থিতিত বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়।

উদ্যানৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই আঁত ধৰা আৰু সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বন্যপ্ৰাণী সুৰক্ষা আৰু উদ্ধাৰৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ন আদি বিভিন্ন আচঁনিৰে বিভিন্ন বেচৰকাৰী সংগঠনে কাজিৰঙা অঞ্চলত কাম কৰি আছে।

এই বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে শৃংখলাবদ্ধভাৱে কাম কৰাত সুবিধা হোৱাকৈ সভাত সংগঠনসমূহৰ এক মঞ্চ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ডাব্লিঅ ডাব্লিঅ এফৰ পৱনজ্যোতি বৰা, আৰণ্যকৰ আৰিফ হুচেইন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ডা৹ চামচুল আলীক সঞ্চালকে ইয়াৰ দায়িত্ব অৰ্পণ কৰে।

সভাত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ, ৱাইল্ড ভিউ ফাউণ্ডেশ্যনৰ নীলপদ্ম শৰ্মা, বিশ্ব প্ৰকৃতি নিধিৰ অনুপম শৰ্মা, ত্ৰিদীপ শৰ্মা, এল বি চি এচৰ সম্পাদক দিলৱাৰ হুচেইন, আনন্দ গগৈ আদিয়ে বানপানীৰ সময়ত বন্যপ্ৰাণী উদ্ধাৰত সমস্যা, সুৰক্ষা, ৰাইজৰ মাজত সজাগতা সৃষ্টি আদিৰ লগতে উদ্যানৰ কাষৰীয়া গাঁৱলৈ যোৱা বাট-পথৰ মেৰামতি আদি সম্পৰ্কে মতামত তথা পৰামৰ্শ আগবঢ়ায়।

সভাত বোকাখাত মহকুমা আৰক্ষী বিষয়া কল্যাণ দাস, ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ দাস, দণ্ডাধীশ শান্তনু গগৈ উপস্থিত থাকি বিশেষকৈ বানপানীৰ সময়ত ৰাইজৰ সমস্যা সমাধা কৰাৰ চেষ্টা কৰাৰ লগতে ৰাইজকো আইন-শৃংখলা বজাই ৰাখি বন্যপ্ৰাণী সুৰক্ষা তথা উদ্ধাৰৰ ক্ষেত্ৰত বন বিভাগক সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।

সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে সম্ভাব্য বানপানী সম্পৰ্কে এই প্ৰথমলানি আলোচনা কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত পৃথককৈ ৰাইজৰ সৈতে আলোচনা কৰা হ’ব।

পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিসমূহ পুনৰ কাৰ্য্যক্ষম কৰি ৰাইজক আৰ্থ-সামাজিক দিশত আগবঢ়াই নিয়াৰ ব্যৱস্থাও আৰম্ভ কৰা হৈছে আৰু লগতে কাজিৰঙাৰ কাষতে থকা কাৰ্বি আংলং জিলাৰ ৰাইজক লৈ নতুনকৈ এনেবোৰ সমিতি গঠন কৰা হ’ব বুলিও সঞ্চালকে জানিবলৈ দিয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd