NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

March 17, 2025 10:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 17, 2025 9:08 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংৰক্ষণৰ সৈতে জড়িত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে ইতিপূর্বে এই বিষয়টো শুনানিৰ তাৰিখ নিৰ্ধাৰণ নকৰাকৈ স্থগিত ৰাখিছিল, কাৰণ কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco-Sensitive Zone)ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ উচ্চতম ন্যায়ালয়ত ইতিমধ্যে বিচাৰাধীন হৈ আছে। 

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত উদ্যানখনৰ জৈৱবৈচিত্ৰ্য, ৯টা চিহ্নিত পশু ক’ৰিডৰৰ সুৰক্ষা, আৰু অবৈধ ঔদ্যোগিক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি পি অই এল দাখিল কৰা হৈছিল।

আবেদনকাৰীৰ মতে, বনাঞ্চলৰ ভিতৰত বসতি স্থাপন,  আদি কাৰ্য্যই এশিঙীয়া গঁড়কে ধৰি বিভিন্ন বিপন্ন প্ৰজাতিৰ বিলুপ্তি পথ প্ৰশস্ত কৰিব পাৰে। 

কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে একে বিষয়ৰ ওপৰত অদালতত বিচাৰাধীন গোচৰ থাকোঁতে প্ৰত্যাহ্বানজনিত আবেদন গ্ৰহণ কৰাটো যুক্তিসংগত নহয়। সেয়েহে, আবেদনকাৰীক শীৰ্ষ আদালতত থকা চলি থকা গোচৰত যোগদানৰ সুবিধা প্ৰদান কৰে।

প্ৰসংগক্ৰমে ২০২৩ চনৰ ৬ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে কাজিৰঙাৰ পৰিৱেশগত সংবেদনশীলতাৰ দাবীসমূহ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰাৰ লগতে, আৰু ইয়াৰ বাবে কোনো পূৰ্বসূচনা নিদিয়াকৈ বিষয়টো স্থগিত ৰাখে। 

Related News