২১ অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব উদ্যানৰ দ্বাৰ

Kaziranga national park to open for tourists on 21 October

২১ অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

আজি বিভাগীয় সূত্ৰে এই কথা জনোৱা হৈছে৷

২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে  মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যানখন।

শেহতীয়া বান পৰিস্থিতিৰ বাবে চলিত বৰ্ষত উদ্যানখন মুকলি কৰাত পলম হয় যদিও ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই৷

সম্পূৰ্ণ কোভিড প্ৰট’কল নীতি-নিৰ্দেশনাৰে ২১ অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷

কভিড ১৯ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ৬০ বছৰৰ ওপৰৰ আৰু ১০ বছৰৰ তলৰ  পৰ্যটকক  ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে কৰ্তৃপক্ষই৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈয়ে জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহন সমূহক প্ৰৱেশ দ্বাৰতে চেনিটাইজ কৰা হ’ব৷

চেনিটাইজ কৰাৰ পাচতহে বাহন সমুহক কাজিৰঙাত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব৷

লগতে  প্ৰতিজন পৰ্যটকৰ শৰীৰৰ উত্তাপো পৰীক্ষা কৰা হ’ব৷

২১ অক্টোবৰত কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব৷

প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

বুঢ়াপাহাৰ আৰু আগৰাতলী বনাঞ্চল কিছু পলমকৈহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে৷