১২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্বৰ পৰ্যটকৰ সুবিধাৰ বাবে অহা ১২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৷

১২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি, কহঁৰা আৰু বাগৰিৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলতো সীমিত দুৰত্বৰ বাবে জীপ ছাফাৰিৰ ব্যৱস্থা মুকলি কৰা হ’ব বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

শেহতীয়া বাৰিষাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানৰ বহু বাট-পথ যাতায়াতৰ বাবে সুচল হৈ নুঠাৰ বাবে আংশিকভাৱেহে পৰ্যটকক জীপ ছাফাৰিৰে কাজিৰঙা দৰ্শনৰ সুবিধা দিব পৰা হ’ব বুলি আজি ডি এফ অ’ গৰাকীয়ে জনায় ৷

তাৰোপৰি আগন্তুক দিনত বতৰ ভাল হ’লে আৰু লগতে বনাঞ্চলৰ পানী শুকালে ১২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰিও আৰম্ভ কৰা হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে।

ইতিমধ্যে জানিব পৰা মতে পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে উদ্যানখনৰ ভিতৰৰ বাট-পথৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য যে ১৯৩৭ চনত প্ৰথম বাৰৰ বাবে কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল ৷