NORTHEAST NOW (Assamese)

১৬ মে’ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

May 11, 2019 5:41 pm · উত্তম শইকীয়া
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

চলিত বৰ্ষৰ ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ৰখা হ’ব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

আজি জাৰি কৰা এক বিভাগীয় নিৰ্দেশ যোগে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই এই কথা সদৰী কৰে।

পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশ জাৰি থাকিব বুলি নিৰ্দেশতোত কোৱা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১ মে’ ৰ পৰা উদ্যানখনত পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ কৰা হৈছিল।

আনহাতে নেৰা নেপেৰা বৰষুণৰ বাবে ইতিমধ্যেই যাতায়তৰ বাবে কাজিৰঙাৰ বাটপথ প্ৰতিকূল হৈ পৰিছে। যাৰ ফলত অকল পৰ্যটকৰেই নহয় বনকৰ্মীৰ কৰ্তব্যতো সমস্যাৰ সৃষ্টি হৈছে।য

Related News