DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ হ’ল পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ স্থানান্তৰৰ কাম

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 11, 2019 5:19 pm
সম্পূৰ্ণ হ’ল পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ স্থানান্তৰৰ কাম
658
VIEWS
Share on FacebookShare on Twitter

অৱশেষত নগাঁৱৰ পুৰণিগুদামস্থিত বৰ মছজিদৰ মিনাৰটোৰ পুনঃসংস্থাপনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত।

বিগত প্ৰায় এমাহৰ পৰা প্ৰতিকূল বতৰকো নেওচি হাৰিয়ানাৰ ‘আৰ আৰ এণ্ড চনচ” নামৰ কোম্পানীটোয়ে ক্ষিপ্ৰ গতিত কাম চলাই মিনাৰটো পূৰ্বৰ স্থানৰ পৰা ৭৫ফুট স্থানান্তৰ কৰি নিৰ্ধাৰিত স্থান নি পোৱাইছে।

এতিয়া মাত্ৰ বাকী আছে মিনাৰটোক নিৰ্মিয়মান চাৰিলেনযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সমান্তৰালকৈ ৰাখিব পৰাকৈ মাটিৰ পৰা পাঁচ ফুট ওখকৈ ভেটি নিৰ্মাণৰ কাম। বতৰ অনুকূলে থাকিলে আৰু প্ৰায় দহ দিনৰ ভিতৰত পুনঃসংস্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি এই সমগ্ৰ কামৰ সৈতে আৰম্ভণিৰ পৰা জড়িত পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামিয়া নামৰ সংগঠনটোৱে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰাৰ কাম হাতত লোৱাৰ পিছত ঘাইপথছোৱাৰ সমীপত থকা ১৯০২ চনতে ঢাকাৰ মিস্ত্ৰীৰ হতুৱাই চিমেন্টৰ পৰিৱৰ্তে হাঁহৰ কণী, ধূণা, মাটি মাহ, বৰা চাউল আৰু লোৰ ৰদৰ ঠাইত পকা বাঁহেৰে নিৰ্মাণ কৰা মিনাৰটোৰ প্ৰতি ভাবুকি নামি আহিছিল।

পুনঃসংস্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত পৱিত্ৰ ইদৰ দিনটোতে ৰাইজৰ বাবে ঐক্য-সম্প্ৰতিৰ ধ্বজাবাহক স্বৰূপ বৰ মছজিদৰ মিনাৰটো মুকলি কৰি দিয়া হ’ব বুলি আঞ্জুমান-ই-ইছলামিয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে মিনাৰটোৰ স্থানান্তৰ প্ৰক্ৰিয়াত সংবাদ মাধ্যমৰ সমৰ্থন তথা বিগত বহুদিন ধৰি ধাৰাবাহিক বাতৰি পৰিৱেশনৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সহায় সহযোগ আগবঢ়ালে বুলি কৈ স্থানীয় আঞ্জুমান-ই-ইছলামিয়া কৰ্তৃপক্ষই সংবাদ মাধ্যম সমূহলৈ ধন্যবাদ জ্ঞাপন কৰে।

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd