• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত চুক্তি হোৱাৰ পিছতো এই আন্দোলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। ছাত্ৰ সংসদৰ নিৰ্বাচনৰ আশ্বাস দিয়াৰ পিছতো প্ৰতিবাদকাৰীৰ এটা অংশই নিৰ্দিষ্ট সময়সীমাৰ প্ৰতি আপত্তি দৰ্শাইছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 26, 2026 10:42 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জামিয়া মিলিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১৪ দিন ধৰি চলি থকা ছাত্ৰ আন্দোলনৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সোমবাৰে পুৱা ৯ বজাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক কঠোৰ নিৰ্দেশ জাৰি কৰে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মহতাব আলম ৰিজৱীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিবাদস্থলী খালী কৰিবলৈ ৩০ মিনিট সময় দিছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত স্থান খালী নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও সকীয়াই দিছে কৰ্তৃপক্ষই।

ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত চুক্তি হোৱাৰ পিছতো এই আন্দোলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। ছাত্ৰ সংসদৰ নিৰ্বাচনৰ আশ্বাস দিয়াৰ পিছতো প্ৰতিবাদকাৰীৰ এটা অংশই নিৰ্দিষ্ট সময়সীমাৰ প্ৰতি আপত্তি দৰ্শাইছে।

Apply Now

তেওঁলোকৰ মতে, যদিও ছাত্ৰ সংসদৰ সংবিধান অনুমোদন হোৱাৰ ১৫ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছিল যদিও সংবিধান অনুমোদনৰ তাৰিখ স্পষ্ট হোৱা নাই। ফলত নিৰ্বাচনী প্ৰতিশ্ৰুতি বাস্তৱত কিমান ফলপ্ৰসূ হ’ব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

পঞ্জীয়কৰ নিৰ্দেশ অনুযায়ী প্ৰতিবাদকাৰীসকলে ততাতৈয়াকৈ প্ৰতিবাদস্থলী খালী কৰি বিশ্ববিদ্যালয়ত স্বাভাৱিক অৱস্থা ঘূৰাই আনিব লাগিব। এই নিৰ্দেশ পালন নকৰিলে বিশ্ববিদ্যালয়ে আইনী ব্যৱস্থা ল’ব পাৰে বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে।

কৰ্তৃপক্ষৰ মতে, এই পদক্ষেপ কেম্পাছত স্বাভাৱিক পাঠদান-শিক্ষণ বজাই ৰখা আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত লোৱা হৈছে। ইয়াৰ পূৰ্বে উপাচাৰ্য মাজহাৰ আছিফ আৰু পঞ্জীয়ককে ধৰি ১৫০০ৰো অধিক শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীয়ে প্ৰতিবাদস্থলীলৈ গৈ প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰে। বিশ্ববিদ্যালয়খনৰ দাবী যে প্ৰায় দুঘণ্টা ধৰি প্ৰতিবাদকাৰীসকলে আবেদন কৰিও সেই স্থান এৰি যাবলৈ সন্মত হোৱা নাছিল।

প্ৰতিবাদ ত্যাগ কৰিবলৈ কিয় আপত্তি ছাত্ৰ-ছাত্ৰীসকলৰ?

২০০৬ চনৰ পৰা জামিয়াত ছাত্ৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।নিৰ্বাচিত ছাত্ৰ পৰিষদ পুনৰুদ্ধাৰ, ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে জাৰি কৰা নিলম্বন আৰু কাৰণ দৰ্শোৱা জাননী প্ৰত্যাহাৰ কৰা, প্ৰতিবাদৰ সময়ত নিৰাপত্তাৰক্ষীৰ ভূমিকা সম্পৰ্কে তদন্তৰ দাবীত ১২ অক্টোবৰৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছিল।

চুক্তিৰ অংশ হিচাপে শাস্তিমূলক জাননী প্ৰত্যাহাৰ আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে তদন্ত সমিতি গঠন কৰাৰ আশ্বাস দিয়া হৈছে। কিন্তু সংবিধান অনুমোদনৰ কোনো নিৰ্দিষ্ট সময়সীমা নথকাৰ বাবে প্ৰতিবাদকাৰীৰ এটা অংশ সন্তুষ্ট নহয়। তেওঁলোকৰ অভিযোগ যে মুখ্য প্ৰোক্টৰৰ পদত্যাগৰ দাবী এতিয়াও বিবেচনা কৰা হোৱা নাই।

ইয়াৰ পূৰ্বে কেম্পাছত উত্তেজনাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনিৰ্দিষ্টকালৰ বাবে অনলাইন ক্লাছ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। লগতে ঘোষণা কৰা হয় যে গেট আৰু পুথিভঁৰাল বন্ধ থাকিব। ফলত এতিয়া পঞ্জীয়কৰ ৩০ মিনিটৰ নিৰ্দেশৰ পিছত জামিয়াত আন্দোলনে ক’লৈ গতি কৰিব তালৈ দৃষ্টি ৰখা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am
‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd