NORTHEAST NOW (Assamese)

নিয়ম উলংঘা কৰিলে দিব গুলীওৱাৰ নিৰ্দেশ; লকডাউন সন্দৰ্ভত এগৰাকী মুখ্য মন্ত্ৰীৰ সতৰ্কবাণী

March 25, 2020 7:25 am · এন ই নাও নিউজ
তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও।

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে লকডাউন উলংঘা কৰা সকললৈ কঠোৰ সকীয়নি আগবঢ়াইছে। তেওঁ কয় যে যদি কোনো লোকে লকডাউন অমান্য কৰে তেতিয়াহ’লে দেখিলেই গুলীওৱাৰ নিৰ্দেশ জাৰি কৰা হ’ব।

মুখ্য মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে যদি লোকসকলে আৰক্ষীক সহযোগ নকৰে তেতিয়াহ’লে কেন্দ্ৰৰ পৰা সেনা প্ৰেৰণৰ বাবে তেওঁ আবেদন জনাব।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা ৮বজাত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২১ দিনৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে জনসাধাৰণক কোনো পৰিস্থিতিতে ঘৰৰ পৰা বাহিৰ নোলাবলৈ আৰু সম্পূৰ্ণ লকডাউন পালন কৰিবলৈ আহ্বান জনাইছে।

যোৱা ২২ তাৰিখে প্ৰধান মন্ত্ৰীয়ে জনতা সান্ধ্য আইনৰ ঘোষণা কৰিছিল। সেইদিনা প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ সকলো জনসাধাৰণক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছিল।

জনতা সান্ধ্য আইনৰ পাছত দেশৰ ৭৫ খন জিলাত লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু এই লকডাউনৰ সময়ত বহু লোকে লকডাউন উলংঘা কৰা দেখা গৈছিল।

ইয়াৰ পাছতে মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে নিশা ৮ বজাত পুনৰ দোশক উদ্দেশি দিয়া ভাষণত ২৫ তাৰিখৰ পৰা ২১ দিনৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰে।

Related News