NORTHEAST NOW (Assamese)

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপৰ সকলো মন্ত্ৰী, সাংসদ, বিধায়কৰ যন্তৰ মন্তৰত ধৰ্ণা; পিছে কিয়?

March 17, 2021 11:35 am · এন ই নাও নিউজ
Updated: March 17, 2021 11:42 am

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপৰ সকলো মন্ত্ৰী, সাসংদ, বিধায়ক আৰু কাউন্সিলৰে বুধবাৰে যন্তৰ মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰিব।

বুধবাৰে বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব এই প্ৰতিবাদ।

দিল্লীৰ লেফ্টেনেন্ট গভৰ্ণৰক অধিক ক্ষমতা প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ এক বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব।

“দিল্লীৰ সকলো কেবিনেট মন্ত্ৰী, বিধায়ক, আম আদমিৰ সাংসদ আৰু কাউন্সিলৰসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব।” মংগলবাৰে দিল্লীৰ উন্নয়ন মন্ত্ৰী গোপাল ৰায়ে সংবাদ সংস্থা পিটিআইক এইদৰে কয়।

দিল্লী চৰকাৰৰ সাংবিধানিক ক্ষমতা লোপ কৰিবলৈ এই ‘অসাংবিধানিক উপায়’ অৱলম্বন কৰা বুলি অভিযোগ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক নিন্দাও কৰিছে মন্ত্ৰী ৰয়ে।

তেওঁ লগতে দাবী কৰিছে যে দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ ক্ষমতা সীমিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ সংবিধানিক বিচাৰপীঠৰ সিদ্ধান্তও সলনি কৰিবলৈ চেষ্টা কৰি আহিছে।

উল্লেখ্য যে নতুন বিধেয়কখন গৃহীত হ’লে দিল্লী চৰকাৰে প্ৰতিটো কামৰ বাবে এলজিৰ সিদ্ধান্ত তথা দয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

Related News