NORTHEAST NOW (Assamese)

শ্বাহৰ মন্তব্যৰ প্ৰতিবাদ! দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে ‘আম্বেদকাৰ বৃত্তি’ ঘোষণা কেজৰিৱালৰ

December 22, 2024 7:20 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 22, 2024 5:36 pm

অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে দলিতসকলৰ হৃদয় জয় কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ শাসকীয় আম আদমী পাৰ্টিয়ে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

এইবাৰ দিল্লীৰ দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিলে আম্বেদকাৰ বৃত্তি।

উল্লেখযোগ্য যে শেহতীয়াকৈ লোকসভাৰ শীতকালীন অধিৱেশনত অমিত শ্বাহৰ ‘আম্বেদকাৰ ফেশ্বন’ বুলি কৰা মন্তব্যই সংসদত আলোড়নৰ সৃষ্টি কৰিছে। বিৰোধীয়ে সামূহিকভাৱে ইয়াৰ প্ৰতিবাদ কৰিছে। অমিত শ্বাহৰ পৰা বিৰোধীয়ে ক্ষমা বিচাৰিছে।

শনিবাৰে এক সমাৱেশত ভাষণ দি দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন আঁচনি ঘোষণা কৰে কেজৰিৱালে। সংবিধানৰ পিতৃ আম্বেদকাৰক লৈ অমিত শ্বাহে কৰা অসন্মানজনক মন্তব্যৰ প্ৰতিবাদ স্বৰূপে এই প্ৰকল্প আৰম্ভ কৰিছে বুলি উল্লেখ কৰে আপৰ মুৰব্বীগৰাকীয়ে।

কেজৰিৱালে কয় “আপোনাৰ চৰকাৰে নিশ্চিত কৰিব যে দিল্লীৰ কোনো দলিত ছাত্ৰই যাতে ধনৰ অভাৱত বিদেশী বিশ্ববিদ্যালয় এৰিব নালাগে”।

আম্বেদকাৰক স্মৰণ কৰি কেজৰিৱালে সমাৱেশত কয় যে, ‘আম্বেদকাৰে ধনৰ অভাৱত লণ্ডন অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্স (এল এছ ই)ত পঢ়া-শুনা বন্ধ কৰি দেশলৈ উভতি আহিবলগীয়া হৈছিল। দেশলৈ উভতি আহি পৰ্যাপ্ত ধনৰ ব্যৱস্থা কৰি পুনৰ এল এছ ইলৈ গৈ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল।”

কেজৰিৱালে কয় যে দলিত চৰকাৰী কৰ্মচাৰীৰ সন্তানকো এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব।

উল্লেখ্য যে হ’বলগা দিল্লীৰ বিধানসভা নিৰ্বাচনত আপে জয়লাভ কৰি পুনৰ ক্ষমতালৈ আহিলেহে এই প্ৰকল্প আৰম্ভ কৰা হ’ব ঘোষণা কৰিছে কেজৰিৱালে।

Related News