NORTHEAST NOW (Assamese)

“লোকেল উৎপাত”ত অভিলেখ “লোকেল কুংফু” টীমৰ

February 26, 2020 7:30 pm · এন ই নাও নিউজ

অতি জনপ্ৰিয় হোৱা অসমীয়া ছবি “লোকেল কুংফু”ৰ পৰিচালক কেনি বসুমতাৰীৰ আহিব লগা ছবি “লোকেল উৎপাত”এ মুক্তিৰ পূৰ্বেই এক অভিলেখ গঢ়িছে।

নিৰ্মাণৰ ধন বিচাৰি ক্ৰাউডচ’ৰ্চিঙৰ সহায় লোৱা লোকেল wishberry.inত শুভাকাংক্ষীৰ অভিলেখ গঢ়ি ১০ লাখ টকা সংগ্ৰহ কৰিছে।

যোৱা ১১ ফেব্ৰুৱাৰিত টীজাৰ মুকলি হোৱা ছবিখন অহা ৪ চেপ্তেম্বৰত মুক্তি পাব।

“#LocalUtpaatক টাৰ্গেট ক্ৰছ কৰাত সহায় কৰা ১২৭১ গৰাকী বৰঙনিদাতালৈ চুপাৰ ডুপাৰ থেংকফুল! আটাইতকৈ বেছিসংখ্যক বৰঙনিদাতাৰে আমি ৱিশ্ববেৰিত এক নতুন অভিলেখ স্থাপন কৰিছো,” কেনি বসুমতাৰীয়ে কয়।

ক্ৰাউডফাণ্ডিঙৰ বাবে ছবিখনৰ টীজাৰ আৰু বিহাইণ্ড-দি-ছীনসমূহ চ’চিয়েল মিডিয়াত মুকলি কৰা হৈছিল।

ছবিখনত “লোকেল কুংফু”ৰ সকলো জনপ্ৰিয় শিল্পীয়েই আছে।

“লোকেল উৎপাত”ৰ মূল ভূমিকাত আছে বনি দেউৰী আৰু পুনম গুৰুং।

বনি হৈছে “লোকেল কুংফু”ৰ বিখ্যাত “আণ্ডাৰ ১৮ ডন”।

ছবিখনত নতুন মুখৰ ৰূপত দেখা যাব “বৰনদী ভটিয়াই”ৰ অভিনেতা হিমাংশু গগৈ আৰু কৌশিক নাথক।

Related News