RSS-ৰ নেতাক হত্যা কৰাৰ অপৰাধত PFI-ৰ ১৫জন সদস্যক মৃত্যুদণ্ডৰে দণ্ডিত কেৰালাৰ আদালতৰ

ফটোঃ সংগ্ৰহীত।

কেৰালাৰ আদালতে নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়াৰ (পিএফআই) ১৫জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। স্থানীয় আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ অপৰাধত ১৫ জন লোকক এই শাস্তি প্ৰদান কৰা হৈছে। উল্লেখ্য যে ২০২১ চনৰ ডিচেম্বৰত ৰঞ্জিতক তেওঁৰ ঘৰতে হত্যা কৰা হৈছিল।

নিজৰ ঘৰলৈ উভতি অহাৰ পথত ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি অফ ইণ্ডিয়াৰ নেতা কে এছ শ্বানক অচিনাকি দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিল। ইয়াৰ পিছতে কেৰালাৰ স্থানীয় ৰাজনীতি উত্তপ্ত হৈ পৰে। শ্বানৰ মৃত্যুৰ কেই ঘণ্টাৰ ভিতৰতে পিএফআই আৰু এছডিপিআইৰ সদস্যই ৰঞ্জিতৰ ঘৰত আক্ৰমণ চলায়।

লগতে পঢ়কঃ ইন্দ্ৰাণী মুখাৰ্জীয়ে সঁচাকৈয়ে হত্যা কৰিছিল নে নিজ কন্যা শ্বীনা বৰাক? নেটফ্লিক্সত খোল খাব ৰহস্যৰ!

কেৰালা বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি তথা আৰএছএছ নেতাৰ ঘৰত আক্ৰমণকাৰীয়ে প্ৰৱেশ কৰি সমগ্ৰ পৰিয়ালটোক হাৰাশাস্তি কৰে। মাতৃ, পত্নী আৰু সন্তানৰ সন্মুখত ৰঞ্জিতক নিৰ্মমভাৱে ঘপিয়াই কৰি হত্যা কৰা হয়। ইয়াৰ পিছত পি এফ আইৰ সদস্যকেইজনক গ্ৰেপ্তাৰ কৰা হয়।

২০ জানুৱাৰীত কেৰালাৰ মাভেলিকাৰাৰ অতিৰিক্ত সত্ৰ আদালতে ১৫জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পিছত চৰকাৰৰ অধিবক্তাই দোষীক সৰ্বোচ্চ শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনায়। তেওঁৰ মতে এই ১৫ জন লোক আচলতে পেছাদাৰী হত্যাকাৰী। পৰিয়ালৰ সন্মুখত ৰঞ্জিতক যিদৰে হত্যা কৰা হৈছিল, সেয়া আটাইতকৈ বিৰল অপৰাধৰ ভিতৰত পৰে। মঙলবাৰে কেৰালাৰ আদালতে অপৰাধীকেইজনক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে।