NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণ ৰোধত অবিশ্বাস্য সফলতাৰ দিশে কেৰালা; ৫০৩ গৰাকী আক্ৰান্তৰ বৰ্তমানলৈ সুস্থ হৈছে ৪৮৪ গৰাকী

May 9, 2020 1:49 pm · এন ই নাও নিউজ
উৎস-ফেইচবুক

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অবিশ্বাস্য সফলতাৰ দিশত গতি কৰিছে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালা।

কেৰালাৰ মুখ্য মন্ত্ৰী পিনাৰায়ি বিজয়নে শুকুৰবাৰে ৰাজ্যখনত বৰ্তমান মাত্ৰ ১৬ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে বুলি প্ৰকাশ কৰে।

শুকুৰবাৰে কেৰালাৰ চিকিৎসালয়ৰ পৰা ১০ গৰাকী ক’ৰ’না আক্ৰান্তক সুস্থ হৈ উঠা বাবে মুকলি কৰি দিয়াৰ পাছত মুখ্য মন্ত্ৰী বিজয়নে উক্ত তথ্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কেৰালাত মুঠ ৫০৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

কেৰালাৰ স্বাস্থ্য বিভাগ, চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ৫০৩ গৰাকী ক’ৰ’না আক্ৰান্তৰ ভিতৰত  বৰ্তমানলৈ ৪৮৪ গৰাকী ব্যক্তি আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে।

কেৰালাত মাত্ৰ তিনিগৰাকী ব্যক্তি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

কেৰালাৰ আৰোগ্য লাভৰ হাৰ দেশৰ ভিতৰতে অন্যতম বুলি ক’ব লাগিব।

কেৰালাৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য গোৱাটো বৰ্তমান ক’ৰ’না আক্ৰান্তৰ সংখ্যা শূন্য হৈছে।

উল্লেকযোগ্য যে, যিটো সময়ত মহাৰাষ্ট্ৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ২০,০০০, দিল্লী, গুজৰাট আদিৰ দৰে ৰাজ্যত ৫০০০ অতিক্ৰম কৰিছে সেই সময়ত কেৰালা চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সকলোৰে বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।

ভাৰতত আজি ক’ৰ’না  আক্ৰান্তৰ সংখ্যাই ৬০,০০০ স্পৰ্শ কৰিছে।

Related News