‘ক’লা’ ব্যৱসায়ত অভিযুক্ত স্বয়ং জননেতা। কেৰালাৰ এখন কুকুৰা পামত (মুৰ্গী ফাৰ্ম) লুকাই ৰখা ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪ হাজাৰ বটল অবৈধ সুৰা।
কেৰালাৰ কোডাকাৰা অঞ্চলৰ সমীপৰ ভেলানচিৰাৰ কুকুৰা পামখন এজন স্থানীয় বিজেপি নেতাৰ। আৰক্ষীয়ে এই বিপুল পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ উপৰিও অভিযুক্ত নেতাগৰাকী আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰে।
গোপন সূত্ৰৰ পৰা তথ্যৰ ভিত্তিত ভেলানচিৰাৰ কুকুৰা পামত আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত ১৪ হাজাৰ বটল অবৈধ বিদেশী সুৰা আৰু ২৪০০ লিটাৰৰো অধিক স্পিৰিট জব্দ কৰা হৈছে।
লগতে পঢ়কঃ মণিপুৰৰ পৰা মুম্বাই! ৰাহুলৰ নেতৃত্বত এইবাৰ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা; কেতিয়াৰ পৰা হ’ব আৰম্ভ?
দেখাত সন্মুখত কুকুৰাৰ পাম এখন আছিল যদিও ইয়াৰ আঁৰত অবৈধ সুৰাৰ ব্যৱসায় চলি আছিল। কিমান দিন ধৰি এইটো চলি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মূল অভিযুক্ত বিজেপি নেতা লালু (৫০) আৰু তেওঁৰ সহযোগী লৰেন্স (৫২)ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।
সমগ্ৰ অভিযানৰ নেতৃত্বত আছিল চালাক্কুডী আৰু ইৰিঞ্জালকুডাৰ উপ আৰক্ষী অধীক্ষক। কুকুৰা পামখনৰ ভিতৰত এটা গোপন ঘৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে। তালাচীৰ সময়ত সেই ঘৰৰ পৰা ১৪ হাজাৰ বটল অবৈধ সুৰা জব্দ কৰা হয়।
লগতে পঢ়কঃ পৰিৱেশ ৰক্ষাত চিগাৰেটৰ পেলনীয়া টুকুৰা! বিজ্ঞানীৰ চমক, কেনেকৈ সম্ভৱ?
প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে, ইয়াত সুৰা বটলত ভৰোৱা হোৱা নাছিল। চোৰাং সৰবৰাহ কৰাৰ আগতে মাজপথত ইয়াত ৰখা হৈছিল। অভিযুক্ত দুজনক জেৰা কৰিলে বিষয়টো স্পষ্ট হ’ব।