ভূমিকম্প বিধ্বস্ত তুৰস্কলৈ ১০ কোটি টকাৰ আৰ্থিক সাহায্য কেৰালাৰ
প্ৰবল ভূমিকম্পই বিধ্বস্ত কৰি যোৱা তুৰস্কলৈ আৰ্থিক সাহায্য হিচাপে ১০ কোটি টকাৰ অনুদান আগবঢ়াব কেৰালাই। ৰাজ্যখনৰ বিত্তমন্ত্ৰী কে এন বালাগোপালে এই ধন তুৰস্কৰ জনসাধাৰণৰ সাহায্যাৰ্থে আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে এই ধনৰাশি তুৰস্কলৈ আগবঢ়াবলৈ অনুমতি দিছে বুলি তেওঁ লগতে উল্লেখ কৰে। উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীত দাখিল কৰা ৰাজ্যিক বাজেটত এই আৰ্থিক সাহায্য ঘোষণা কৰা হৈছিল।
আজি এই সাসায্য প্ৰেৰণৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বক স্তম্ভিত কৰি তোলা তুৰ্কীৰ এই ভয়াৱহ ভূমিকম্পই হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈছিল আৰু লাখ লাখ লোক নিঃস্ব হৈ পৰিছিল।
ভূমিকম্পত ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আগবাঢ়ি আহিছে বুলি মন্তব্য কৰি তেওঁ লগতে কিছু বছৰৰ পূৰ্বে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কেৰালাৰ বিপৰ্যয়ৰ সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাভ কৰা সমৰ্থনৰ কথা স্মৰণ কৰে।
স্মৰ্তব্য যে, বিগত ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু চুবুৰীয়া দেশ ছিৰিয়াত হোৱা এই প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত প্ৰায় ৫৫,৭০০ লোকৰ মৃত্যু হৈছিল। ধ্বংসস্তূপত পৰিণত হৈছিল দুয়োখন দেশ।
এই শোকাৱহ পৰিস্থিতিৰ মাজতে বিশ্বৰ বিভিন্ন দেশে দেশ দুখনলৈ সাহায্য আগবঢ়াইছিল। অন্যান্য দেশৰ লগতে ভাৰতেও তুৰস্কলৈ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য প্ৰেৰণ কৰিছিল।